Breaking

ওদালগুৰিত ব্যতিক্ৰমী সামূহিক বিবাহ!পৰম্পৰাগত নিয়মেৰে বিয়াত বহিল শতাধিক দৰা কইনা…

0 118

ওদালগুৰিত আজি উলহ মালহ পৰিৱেশৰ মাজেৰে একেলগে সম্পন্ন হ’ল ৩ শতাধিক বিয়া।

ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দি হান্স ফাউণ্ডেশ্যনৰ সহযোগত আজি ওদালগুৰিৰ মনপুৰ খেল পথাৰত হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ ৰীতি-নীতিৰ মাজেৰে এই সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

হিন্দু ধৰ্মৰ, বাথৌ, নেপালী, ৰাভা চাওতালীকে ধৰি কেইৱাটাও জনগোষ্ঠীৰ ৬ শতাধিক দৰা-ক‌ইনাই নিজৰ পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰা হয়।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, হোমৰ জুইক সাক্ষী কৰি অধিকাংশ‌ই নিজৰ বিবাহ সম্পন্ন কৰে।

কাৰ্যসূচীত জিলা উপায়ুক্ত ডাঃ ছাদনেক সিঙৰ লগতে আৰক্ষী বিষয়া, সীমান্ত চেতনা মঞ্চৰ কেন্দ্ৰীয় উপ-সভাপতি মিনন মোছাহাৰী ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতি আৰু দি হান্স ফাউণ্ডেশ্যনৰ নেতৃত্বৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।

অৰূপ বড়ো

Leave A Reply