Breaking

দেৰগাঁৱৰ কমাৰগাঁও সাৰ্বজনীন পূজা মন্দিৰৰ ব্যতিক্ৰমী পদক্ষেপ, পূজাস্থলীত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

0 2,019

দেৰগাঁৱৰ সোণালী জয়ন্তী বৰ্ষ গৰকা কমাৰ গাঁও সাৰ্বজনীন পূজা মন্দিৰৰ পূজাস্থলীত গত বৰ্ষৰ দৰেই এইবাৰো চলিত বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ, স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লাভ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।এই উদ্দেশ্যেই পূজা পৰিচালনা সমিতিৰ সভাপতি তথা শিক্ষাবিদ বিনোদ শৰ্মাৰ সভাপতিত্বত শিৱকান্ত পুজাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি সভা।সভাৰ আৰম্ভণিতে শিৱকান্ত পুজাৰী প্ৰেক্ষাগৃহৰ জয়া পূজাৰী প্ৰকাশ শৰ্মা পাঠক সোঁৱৰণী ৰংগমঞ্চটি এগছি বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে শিক্ষাবিদ অৰুন শৰ্মাই। দেৰগাঁও উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা বিশিষ্ট ব্যক্তি হিছাপে উপস্থিত থকা সভাখনিৰ আঁত ধৰে ড০ পৰশমণি ঠাকুৰ আৰু ভৱেন বৰপূজাৰীৰে।কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক “গনেশ শৰ্মা সোঁৱৰণী শৈক্ষিক ন্যাস বটাঁ, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক” মণি পূজাৰী শৈক্ষিক ন্যাস বটাঁ” আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক” সূৰ্য শৰ্মা সোঁৱৰণী শৈক্ষিক ন্যাস বটাঁ”ৰে তিনিটা পৰ্য্যায়ত মুঠ ৩২ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় ।চ’ৰাৰ সম্পাদক প্ৰনৱজ্যোতি বৰপূজাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত সাংবাদিক ইন্দুভূষণ মহন্ত আৰু কুমুদ বৰাৰ লগতে দাতা পৰিয়ালৰ অৰিন্দম গোস্বামী, কমলা দেৱী, অনিল পূজাৰী আৰু তৰুণ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply