Breaking

ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱত ন -পুৰণি সতীৰ্থ সাংবাদিকৰ মত-বিনিময় আৰু নৱ-নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান

0 2,037

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ কাৰ্যলয়ত আজি ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ ন-পুৰণি সতীৰ্থ সাংবাদিকৰ মত-বিনিময় আৰু নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান হৈ যায়।ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাই সভাপতিত্ব কৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য বাখ্যা কৰে–ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। অনুষ্ঠানত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ নৱ নিৰ্বাচিত সভাপতি ফাইজুৰ ৰহমান, জ‍্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন সাংবাদিক বসন্ত শৰ্মা,টিকেন্দ্ৰ বৰ্মন,হেমন্ত শৰ্মা,আব্দুল গণিয়ে অতীতৰ অভিজ্ঞতাৰ কথা সুৱৰি আৱিগক হৈ পৰে। লগতে উক্ত অনুষ্ঠানত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰত্ৰিকা সম্পাদক শ্বাহ আলাম আহমেদে-পুৰ্বৰ তিতা-কেহাসমুহ সুৱৰি স্মৃতি ৰোমান্থন কৰে।লগতে আলামে নবীন সাংবাদিক সত্য পথৰে বাতৰি প্ৰকাশ কৰি  দুৰ্নীতি বিৰুদ্ধে কলম ধৰিবলৈ আহ্বান জনায়।ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ উপসভাপতি জগত তালুকদাৰে ভাষণত সমাজিক দায়িত্ব বহন কৰি সাংবাদিক হ’ব লাগিব বুলি মন্তব্য কৰে।অনুষ্ঠানত নবীন সাংবাদিক পংকজ কুমাৰ লহকৰ, ৰবীন্দ্ৰ নাথ কলিতা,কৈলাশ ডেকা,দাস ৰমেন কুমাৰ, বৰ্তমান জগতৰ সাংসদ সেৱৰ ওপৰত মনপোষণ কৰে।উক্ত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা তথা অনাতাঁৰ শিল্পী কেশৱ কলিতাই সুধাকন্ঠ  ড০ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিৱেশন কৰি আল্পুত কৰি তোলে।উক্ত অনুষ্ঠানতে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ  নৱ-নিৰ্বাচিত সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰে।

Leave A Reply