Breaking

বিলাসীপাৰাত মহকুমাধিপতি সাংবাদিকৰ সৈতে মত বিনিময়

0 96

বিলাসীপাৰা মহকুমাধিপতিৰ সভা কক্ষত মহকুমা খনৰ ছপা, ইলেকট্ৰনিক, আৰু ৱেব পৰ্টৈল মাধ্যমৰ সাংবাদিক সকলৰ লগত নৱ নিযুক্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত মনোৰঞ্জন পায়েঙৰ এক মত -বিনিময় সভা অনুষ্ঠিত হয়। সভাত বিলাসীপাৰা মহকুমা সদৰ চহৰ খনত যান-জোট ,নগৰ পয় প্ৰণালী পানী যোগান, বিলাসীপাৰা উদ্যোগ কেন্দ্ৰ, মূল বজাৰৰ জাৱৰ জোথৰ,মাছ বজাৰৰ লেতেৰা পৰিবেশ, গাখীৰ বজাৰ কদৰ্যৰূপ আৰু পৰীক্ষণ সন্দৰ্ভত মহকুমাধিপতি গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে।

চৰকাৰী পেন্চনাৰ সাংবাদিক মোছলেম উদ্দিন আহমেদ আৰু ৰেডিও আৰু দৃৰদৰ্শনৰ সাংবাদিক প্ৰদীপ সাহাই সভা খনত অন্যান্য সাংবাদিক, নিৰ্বাচনী বিষয়া জগদীশ ব্ৰক্ষ,জনসংযোগ বিষয়া পাৰ্থ প্ৰতিম নেওগ উপস্থিত আছিল।সভাত মহকুমাধিপতি পায়েঙে সমস্যাসমূহ সমাধনৰ আশ্বাস দিয়ে।

Leave A Reply