Breaking

গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগৰ অভিযান,দেশী – বিদেশী সুৰা জব্দ

0 1,529

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰে দিয়া নিৰ্দেশৰ  ভিত্তিত আজি  গুৱাহাটী সদৰৰ আবকাৰী চক্ৰই  মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী সদৰৰ আৱকাৰী  পৰিদৰ্শকদ্বয় গোবৰ্ধন ডেকা আৰু দিব্যপ্ৰতীম বৰাৰ নেতৃত্বত আৱকাৰী দলে উলুবাৰী কছাৰীবস্তি , ভঙাগড়  আৰু ৰূপনগৰত চলোৱা  অভিযানত প্ৰায়  ১২৫ লিটাৰ দেশীয় সুৰা আৰু ২৬  বটল বিদেশী সুৰা ( কোৱাৰ্টাৰ )  জব্দ কৰিবলৈ সক্ষম হয় ।  অৱশ্যে  অভিযানকাৰী দলটোৱে ক’ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত কাৰণত অবৈধ সুৰাৰ লগত জড়িত লোক সকলক আটক নকৰি অনাগত দিনত যাতে পুনৰ অবৈধ সুৰাৰ বেহাৰ দৰে আইন বিৰোধী কাৰ্যত জড়িত নহয় তাৰ বাবে সকীয়নী দিয়ে বুলি জানিব পৰা গৈছে।

Leave A Reply