Breaking

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান:দেশী – বিদেশী সুৰা জব্দ

0 1,032

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । অৱশেষত গোপন সূত্ৰৰ পম খেদি  আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত  গুৱাহাটী সদৰৰ আবকাৰী দলে কালি বিয়লিৰ  পৰা সন্ধিয়ালৈ মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী সদৰৰ আৱকাৰী  পৰিদৰ্শকদ্বয় গোবৰ্ধন ডেকা আৰু দিব্যপ্ৰতীম বৰাৰ নেতৃত্বত আৱকাৰী দলে উলুবাৰী কছাৰীবস্তি , বেলতলা , চচল , জটিয়া , আঠগাঁও আৰু পল্টন বজাৰত চলোৱা  অভিযানত ১৬৫ লিটাৰ দেশীয় সুৰা আৰু ৩৫ বটল বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে অভিযানকাৰী দলটোৱে ক’ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত কাৰণত অবৈধ সুৰাৰ লগত জড়িত লোক সকলক আটক নকৰিলে বুলি জানিব পৰা গৈছে ।

Leave A Reply