Breaking

ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ দ্বি-বাৰ্ষিক অধিবেশনৰ উপলক্ষে লাহোৱাল প্ৰেছ ক্লাবত কাৰ্যনিৰ্বাহক সভা

0 87

লাহোৱাল প্ৰেছ ক্লাবত ডিব্ৰুগড় জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চৰ দ্বি-বাৰ্ষিক অধিবেশনৰ উপলক্ষে এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

সভাত সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, তপন কুমাৰ শইকীয়াৰ লগতে সকলো সদস্য উপস্থিত থকা পৰিলক্ষিত হয়।

অহা এপ্ৰিল মাহৰ ৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বিষয়ে সভাত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

উক্ত সভাত ডিব্ৰুগড় জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চৰ বিষয়ববীয়া ৰাজু সোণোৱালে অধিৱেশন খনৰ বিভিন্ন দিশৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে অধিৱেশন খনি অনুষ্ঠিত কৰা ক্ষেত্ৰত সকলো সতীৰ্থ সকলৰ পৰা সহযোগিতা কামনা কৰিছে।

Leave A Reply