Breaking

ব্যায়াম কৰিলেই ওজন নকমে, ওজন কমাবলৈ কিছুমান বিশেষ খাদ্য খাব লাগিব…

0 26

ব্যায়াম কৰিলে ওজন কমাব পাৰি, কথাষাৰ বিশ্বাস কৰে নে আপুনি। জিমলৈ যোৱাৰ উপৰিও এনে কিছুমান খাদ্য আছে যিবোৰে ওজন কমোৱাত সহায় কৰে।কেৱল জিমলৈ গৈ শাৰীৰিক ব্যায়াম কৰিলেই আপুনি ক্ষীণাব নোৱাৰে।তাৰ বাবে আপুনি সঠিক পথ বাছি ল’ব লাগিব।জিমলৈ যোৱাৰ উপৰিও কোনবোৰ খাদ্যৰ সহায়ত ওজন কমাব পাৰি জানো আহক-

যদি স্লিমিং ডায়েটত বাদাম নাথাকে, তেন্তে ওজন কমোৱাৰ সপোনটো পূৰ নহ’ব।গতিকে ক্ষীণ হ’ব বিচাৰিলে আলমণ্ড খাব লাগিব। বাদামত প্ৰটিন, আঁহ, স্বাস্থ্যকৰ চৰ্বি থাকে। এই প্ৰতিটো উপাদানে দ্ৰুত ওজন হ্ৰাস কৰাত সহায় কৰে।

ভিটামিন চিয়ে কেৱল চৰ্দি আৰু কাহৰ পৰা উপশম দিয়াই নহয়, ওজন কমাবলৈও সহায় কৰে। গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে টেঙা ফল খোৱাটো গুৰুত্বপূৰ্ণ। কাৰণ এনে ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ বাহিৰেও যিহেতু ইয়াত এন্টিঅক্সিডেন্ট বেছি আৰু কেলৰি কম, গতিকে টেঙা ফল খালে আপোনাৰ ওজন কমোৱাত সহায়ক হ’ব।

কেৱল সিজোৱা মাংস, কণী আৰু প্ৰটিন শ্বেক খালে ক্ষীণ হোৱা সম্ভৱ নহয়। ওজন কমাবলৈ মুগু, মচুৰ দাইল খাব লাগে। কাৰণ দালিত আঁহ, ভিটামিন বি, আইৰণ, প্ৰটিন আদি মৌল থাকে। নিয়মিতভাৱে দাইল খালে শৰীৰৰ শক্তি বৃদ্ধি হোৱাই নহয়, ওজনো কমি যায়।

মাছ, মাছেও ওজন কমোৱাত সহায় কৰে। গতিকে মাছ খাব লাগিব। বিশেষকৈ সাগৰীয় মাছে ওজন কমাোৱাত যথেষ্ট সহায় কৰে। ওমেগা ৩ ফেটি এচিডযুক্ত মাছ খালে ওজন কমাবলৈ বহুত সহজ হয়।


Leave A Reply