Breaking

তামুলপুৰত উদ্যম-২০২৩ শীৰ্ষক লঘু, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী, কৰ্মশালা আৰু প্ৰশিক্ষণ আৰম্ভ

0 71

লঘু ,ক্ষুদ্ৰ ,আৰু মজলীয়া উদ্যোগৰ সামগ্ৰীসমূহৰ বজাৰ দখলৰ সুবিধাৰ্থে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচ’কত আজিৰে পৰা আৰম্ভ হৈছে “উদ্যম -২০২৩” শীৰ্ষক লঘু ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী, কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ৷

পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটো আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ শক্তি, সমবায়, খনি আৰু খনিজাত সম্পদ মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷ তদুপলক্ষে এখন উদ্বোধনী সভা অনুষ্ঠিত হয়৷

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উপ সচিব তথা এ আই আই ডি চিৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰা সভাত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে এনে অনুষ্ঠানৰ জৰিয়তে ৰাজ্যখনৰ যুৱক যুৱতী সকলক উদ্যোগমুখী কৰি তোলাৰ উপৰিও উদ্যমীসকলে নিজৰ উৎপাদিত সা – সামগ্ৰী বিক্ৰী কৰাৰ কাৰণে এখন বজাৰ লাভ কৰিবলৈ নিশ্চয় সক্ষম হ’ব৷ চৰকাৰৰ হাতত বহু বিভাগ আছে যদিওঁ আপোনালোকক লৈ কাম কৰাৰ সুবিধা নাথাকে৷

শক্তি ক্ষেত্ৰতো কাম কৰাৰ সুবিধা নাই যদিওঁ কৃষি,পশুপালন, ৰেচম, হস্ততাঁত বিভাগত আপোনালোকৰ কাৰণে বহুতো ভাল কাম কৰাৰ যথেষ্টখিনি সুবিধা আছে৷ এই কাম কৰিবলৈ উদ্যোগ আৰু বাণিজ্য বিভাগে সহযোগ দিয়াৰো যথেষ্টখিনি থল আছে৷ তাৰোপৰি বিটিআৰত কৃষিক্ষেত্ৰ খনত কৃষিজাত সা-সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও ইয়াৰ চৰকাৰী মূল্য নিৰ্ধাৰণ কৰিবলৈ বাণিজ্যিকীকৰণৰ দিশত উদ্যোগ আৰু বাণিজ্য বিভাগে সহযোগ কৰি ৰাইজৰ উপকাৰ সাধন কৰিব পাৰে বুলিও মন্ত্ৰী গৰাকীয়ে কয়৷


বিটিআৰৰ উদ্যোগ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰেওৰেৱা নাৰ্জাৰীয়ে ভাষনত তামুলপুৰত এই অনুষ্ঠানৰ আয়োজন কৰি থলুৱা উদ্যোগী সকলৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ দিহা কৰি এখন উৎকৃষ্ট বজাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰশিক্ষণৰ দিহা কৰাৰ কথা সদৰী কৰে।

আনহাতে আগন্তুক দিনত তামুলপুৰত কেবাটাও উদ্যোগ স্থাপনৰ দিহা কৰিছে বুলিও কাৰ্যবাহী সদস্য গৰাকীয়ে কয৷ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসেও উঠি অহা শিক্ষিত ছাত্ৰ-ছাত্ৰী , যুবক – যুবতীক উপযুক্ত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ দক্ষতাৰে কৰ্মসংস্থাপনৰ বাট মোকলাবলৈ আহ্বান জনায়৷

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়েও বক্তব্য আগবঢ়ায়৷ জিলা উপায়ুক্ত মাচান্দা মাগদালিন পাৰ্টিন প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী , তামুলপুৰৰ মহকুমাধিপতি ড° বেদাংগ তালুকদাৰ, বি টি আৰৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, বিটিআৰৰ মনোনীত এমচিএল এ হেমন্ত কুমাৰ ৰাভা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক সহিতে ছয় খন জিলাৰ জিলা প্ৰৱন্ধক বৰ্গ, বিটিচিৰ চি এইচ ডি সমন্বিতে আন আন বিষয়া, থলুৱা উদ্যোগী, প্ৰশিক্ষাৰ্থী সকলৰ লগতে মহিলা আত্ম সহায়ক গোটৰ সদস্যা, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল৷

ইপিনে কৰ্মশালা, প্ৰশিক্ষণ ৰ সতে সংগতি ৰাখি ছয় খন জিলাৰ থলুৱা উদ্যোগী সকলৰ দ্বাৰা নিজৰ নিজৰ উৎপাদিত সামগ্ৰীৰে অনুষ্ঠানৰ শতাধিক বিপণীত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয়৷

Leave A Reply