Breaking

আজি কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণঃ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ অন্তর্ভুক্তি নিশ্চিত

0 1,043

সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নৰেন্দ্র মোদী মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব৷ ৰাষ্ট্রপতি ভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো বার্তা প্রেৰণ কৰা নাই যদিও প্রধানমন্ত্রী কার্যালয়ে আজি সন্ধিয়া ৫.৩০ বজাত শপতগ্রহণ কার্যসূচী ইতিমধ্যে প্রস্তুত কৰা বুলি জানিব পৰা গৈছে৷

তাৎপর্যপূর্ণভাৱে মোদী মন্ত্রীসভাৰ এই সম্প্রসাৰণত ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ স্থান লাভ কৰাটো এতিয়া নিশ্চিত হৈ পৰিছে৷ কেন্দ্রীয় মন্ত্রী হিচাপে শপত গ্রহণৰ বাবে সোণোৱাল মঙলবাৰে নতুন দিল্লী পাইছে৷ কেন্দ্রীয় মন্ত্রীসভা সম্প্রসাৰণৰ শপতগ্রহণৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো আমন্ত্রণ জনোৱা বাবে আজি মুখ্যমন্ত্রী ড০ শর্মা নতুন দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷

সোণোৱালৰ বাহিৰে উত্তৰ–পূর্বাঞ্চলৰ পৰা মণিপুৰৰ সাংসদ আৰ কে ৰঞ্জন সিঙেও মোদী মন্ত্রীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ জানিব পৰা মতে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সিঙক নতুন দিল্লীলৈ তলব কৰিছে আৰু আজি পুৱাৰ ভিতৰত তেওঁ দিল্লী আহি পাব৷

মন কৰিবলগীয়া যে প্রধানমন্ত্রীৰ দ্বিতীয়টো কার্যকালৰ দুবছৰ পাৰ হৈ যোৱাৰ পিছতো ৫২জন মন্ত্রীক লৈ তেওঁ চৰকাৰ চলাই আহিছে৷ পিছে ইয়াৰ মাজতেই এন ডি এ জোঁটৰ পৰা আকালি দল আৰু শিৱসেনা আঁতৰি গৈছে৷

ইপিনে, সংবিধান অনুসৰি কেন্দ্রীয় মন্ত্রীসভাত ৮১জনলৈকে স্থান লাভ কৰিব পাৰে৷ সেই অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ মন্ত্রীসভাত আন ২৯জন মন্ত্রীক অন্তর্ভুক্ত কৰিব পাৰে৷ আনহাতে দলীয় সূত্রত জানিব পৰা মতে, বর্তমান মন্ত্রীসভাৰ পৰা কমেও ৩–৪জন মন্ত্রীক অব্যাহতি দিব পাৰে প্রধানমন্ত্রীয়ে৷

Leave A Reply