Breaking

নাজিৰাত পৰীক্ষামূলক ভাৱে কঠিয়া ৰূপন কাৰ্য্যসূচী

0 1,824

নাজিৰা মহকুমাৰ চণ্টক চেংধৰাত চৰকাৰী ভাৱে পৰীক্ষামূলক ভূইৰূপণ কায্যৰ্সূচী ৰূপায়ন কৰে । বিভিন্ন সময়ত প্ৰকৃতিৰ তাণ্ডৱৰ   বাবে গঞা ৰাইজে যি সমূহ ফচল উৎপাদন কৰাত বাধাৰ সন্মুখীন হয় তাৰ সমান্তৰালকৈ সেই সমূহ বাধা তথা প্ৰত্যাহ্বানৰ সন্মুখত  ভৱিষ্যত দিনত মুকাবিলা কৰিব পৰাকৈ আজি চণ্টক চেংধৰা গাওঁত শিৱসাগৰ জিলাৰ কৃষি বিভাগ, এপাৰ্ট(APART) আৰু INTERNATIONAL RESEARCH INSTITUTE ৰ উদ্যোগত প্ৰায় দহ বিধ উন্নত প্ৰজাতিৰ কঠিয়া ৰুপণৰ কায্যসূচী হাতত লয় ! বিশষকৈ বানপানীৰ সৈতে যুঁজিব পৰা ক্ষমতা থকা ৰঞ্জিত ছাব 1 ,স্বৰ্ণ ছাব 1 আৰু বাহাদুৰ ছাব 1 ৰ কঠিয়া ৰুপণ কৰে ! তাৰোপৰি থলুৱাভাৱে উৎপাদিত কণ জহা, মালভোগ জহা ,কেতেকী জহা ধানৰো কঠিয়া ৰুপণ কৰে , উক্ত অনুস্হানতিত নাজিৰা মহকুমাধিপতি সাব্যসাচী কাশ্যপৰ লগতে কৃষিবিভাগৰ  কেইবাজনো বিষয় ববীয়া উপস্হিত থাকে । এই ফচলবোৰ একেটা সময়তে একেলগে চপোৱাৰ লগতে বিজ্ঞান সন্মতভাৱে ইয়াৰ মূল্যাংকন কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Leave A Reply