Breaking

বিদ্যুৎ বিজুতিৰ খৈৰাবাৰীত বিস্তৰ ক্ষতি সাধন

0 2,026

বিদ্যুৎ সংযোক্ত হৈ খৈৰাবাৰী বটাবাৰী দেউৰীয়াপাৰা গাঁ‌ৱত  বিস্তৰ ক্ষতি সাধন।উল্লেখ্য যে ওদালগুৰি জিলা খৈৰাবাৰী থানা অন্তৰ্গত খৈৰাবাৰী ১নং বটাবাৰী দেউৰীয়াপাৰা গাঁ‌ৱৰ নিবাসী বিনোদ স্বৰ্গিয়াৰীৰ বাস গৃহত বৃহস্পতিবাৰ দিনা আবেলি দুৰ্ভাগ্য বসত বিদ্যুৎ বিজুতিৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ অবিৰ্ভাৱ হয়। ফলত কম সময়ৰ ভিতৰতে জুইয়ে আৱৰি লোৱাত গৰাকী বিনোদ স্বৰ্গিয়াৰীয়ে জুই নুমুৱাবলৈ অপ্ৰাণ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়। তাৰ পৰিপেক্ষিতত নিমিশতে দাউ দাউ কৈ জ্বলি ঘৰখনৰ নথিপত্ৰ সহ সম্পূৰ্ণ  সা সম্পত্তি ভস্মীভূত কৰি পেলোৱাত বিনোদ স্বৰ্গিয়াৰীৰ বিস্তৰ ক্ষতি সাধন হয়।

Leave A Reply