Breaking

চাপানলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পাহাৰত ব‍্যাপক বন ধ্বংসৰ বলি দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ

0 67

নগাঁও

কাৰ্বি আংলং সীমান্তৱৰ্ত্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনত সমীপৰে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ। এজাক কুকুৰে খেদি ফুৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা লাজুকী বান্দৰটোৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে ততাতৈয়াকৈ ঠাই খনত উপস্থিত হৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে চাপানলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে। উদ্ধাৰ কৰাৰ সময়ত দুষ্প্ৰাপ্য প্ৰাণীটোৰ মূৰ আৰু আগ ঠেং আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে দুলু বৰায়ে নিজৰ ঘৰতে দুদিন ধৰি সুশ্ৰুষা তথা প্ৰাদমিক চিকিৎসা প্ৰদান কৰাত ক্ৰমশঃ সুস্থহৈ পৰে লাজুকী বান্দৰটো। যাৰ বাবে চাপানলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো মুকলি কৰি দিয়া নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলত। অতি উদ্বেগজনক কথা এইয়ে যে দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ অভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে খাদ্যৰ সন্ধানত তথা সুৰক্ষিত ঠাই বিচাৰি ভৈয়ামৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে বন্যপ্ৰাণী সমূহ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে “মুখ্যমন্ত্ৰীৰ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

Leave A Reply