বকতা, ২৬ নৱেম্বৰ : শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত বকতা আৰু ইয়াৰ সমীপস্হ এক বৃহৎ এলেকাত একাংশ ভূ- মাফিয়াৰ অবৈধ মাটি খননৰ যোগেদি সহজ ধন ঘটাৰ আহিলাত পৰিণত হৈছে অঞ্চলটোৰ কৃষি উপযোগী ভি জি আৰ আৰু নৈ পৰীয়া আবাদী ভূমিসমূহ। জানিব পৰা মতে বকতা আৰু ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণবিহাৰী দিৰৈ নৈৰ কাষৰীয়া বিস্তীৰ্ণ আবাদী ভূমিত প্ৰতি বছৰে খৰালি আগমণৰ লগে লগে একাংশ ভূ মাফিয়াই ডাম্পাৰ জেচিবি লৈ অবৈধ মাটি খনন কাৰ্য আৰম্ভ কৰি আহিছে। এই বছৰো খৰালিৰ লগে লগে উক্ত ভূ মাফিয়া চক্ৰটোৱে বকতাৰ বাখৰবেঙেনা পঞ্চায়তৰ খামোন গাঁৱত থকা ভিজিআৰটোত ব্যাপক মাটি খনন চলোৱাৰ উপৰি কৃষ্ণবিহাৰী বকতা-ডিমৌ সংযোগী দিৰৈ দলঙৰ নিচেই কাষতে থকা ভূমি ভাগত বহুসংখ্যক ডাম্পাৰ আৰু জেচিবিৰে মাটি খনন কাৰ্য আৰম্ভ কৰিছে। বাখৰবেঙেনা পঞ্চায়তৰ উক্ত ভূমিভাগত মাটি খনন চলোৱাৰ ফলত বৃহৎ দ পুখুৰীৰ সৃষ্টি হৈ স্হানীয় গাঁওবাসীৰ পশুধনৰ চৰণীয়া পথাৰৰ পৰিৱেশ ধ্বংস হোৱাৰ উপৰি কৃষিভূমিৰ ভৱিষ্যতৰ সম্ভাৱনা সমূলঞ্চে নাইকিয়া হৈছে। আনহাতে বকতাত প্ৰতি বছৰে বানৰ তাণ্ডৱ চলোৱা দিৰৈ নৈৰ নিচেই কাষতে মাটি খনন কাৰ্য চলোৱাত নৈৰ স্বাভাৱিক গতিত বিৰূপ প্ৰভাৱ, খহনীয়া আদি বৃদ্ধি হোৱাত অৰিহণা যোগোৱাৰ লগতে দিৰৈ নদীৰ গুৰুত্বপূৰ্ণ পকী দলঙৰ ভৱিষ্যতৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। নৈপৰীয়া আবাদী ভূমিভাগ আৰু গ্ৰামাঞ্চলৰ ভিজিআৰসমূহে প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ধৰি ৰখাত সহায়ক হোৱাৰ সম্ভাৱনাও এনে অবৈধ মাটি খননৰ যোগেদি নষ্ট কৰা হৈছে।আনহাতে উক্ত অবৈধ মাটি খননত জড়িত চক্ৰটোৱে ব্যৱহাৰ কৰা বাহনসমূহৰ লগতে একাংশ চালকৰ পৰিবহন বিভাগৰ অনুমোদিত অনুজ্ঞাপত্ৰ নথকাৰ কথা জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই অবৈধ মাটি খনন কাৰ্যৰ অন্তৰালত চৰকাৰৰ বন বিভাগ, চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ অৰ্থ লুলুপ কৰ্মচাৰী, আৰক্ষীৰ নেতিবাচক ভূমিকা জড়িত হৈ থকাতো। বিশেষভাৱে বন বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সম্পূৰ্ণ জ্ঞাতসাৰেই বকতা আৰু কৃষ্ণবিহাৰীৰ এলেকাত ভূ মাফিয়াই অবৈধ মাটি খননৰ এক অঘোষিত প্ৰতিযোগিতা চলোৱাৰ অভিযোগ উঠিছে।
Breaking
- ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
- বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
- গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
- দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
- নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
- কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
- চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
- পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
- BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
- কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ