Breaking

গোৱালপাৰা জিলাৰ লাউডোবাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি…

0 57

গোৱালপাৰা জিলাৰ লাউডোবাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
জনপ্ৰিয় কন্ঠশিল্পী সুৰজিৎ বিশ্বাসে গীত পৰিৱেশন কৰিব

অবিভক্ত গোৱালপাৰা জিলাৰ এক গৌৰৱোজ্জ্বল লাউডোবা সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও ২ কাতি ষষ্ঠীৰ পৰা (২০ অক্টোবৰ ) ৬ কাতি দশমী তিথি ( ২৪ অক্টোবৰ) লৈ শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক আয়োজন কৰা হৈছে ৷ইতিমধ্যে ভজন বিশ্বাসক সভাপতি ,আৰাধন বিশ্বাসক সম্পাদক,মনোৰঞ্জন বিশ্বাসক কাৰ্যকৰী সভাপতি ,সুকুমাৰ বিশ্বাসক উপ-সভাপতি,ঘণশ্যাম বিশ্বাস ,প্ৰহ্লাদ বিশ্বাস আৰু ৰতন বিশ্বাসক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে ৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনৰ পুৱা ৯-০০ বজাত খেল-ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ ২১ অক্টোবৰ অৰ্থাৎ দ্বিতীয় দিনা আবেলি ৪ বজাৰ পৰা নামদলৰ দ্বাৰা নাম পৰিবেশন,সন্ধিয়া ৬ বজাত আৰতি প্ৰতিযোগিতা ,৭ বজাত আধুনিক গীত প্ৰতিযোগিতাৰ লগতে নিশা ৮ বজাৰ পৰা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব ৷২২ অক্টোবৰ আবেলি ২ বজাৰ পৰা কুইজ প্ৰতিযোগিতা ,৪ বজাত নামদলৰ দ্বাৰা নাম পৰিৱেশন ,৬ বজাত আৰতি প্ৰতিযোগিতা আৰ নিশা ৮ বজাৰ পৰা আমন্ত্ৰিত জনপ্ৰিয় শিল্পী সুৰজিৎ বিশ্বাস আৰু মিচ নিভাৰাণী বৰাই গীত পৰিৱেশন কৰিব ৷

৫ কাতি (২৩ অক্টোবৰ ) আবেলি ৪ বজাৰ পৰা নামদলৰ দ্বাৰা নাম পৰিৱেশন ,সন্ধিয়া ৬ বজাত আৰতি প্ৰদান,নিশা ৮ বজাৰ পৰা বঁটা বিতৰণী ও সম্বৰ্ধনা অনুষ্ঠান আৰু ১০ বজাৰ পৰা আমন্ত্ৰিত শিল্পী কুমাৰ তপন আৰু বগীতৰাৰ গীতৰ শৰাই অনুষ্ঠিত হব ৷ ৬ কাতি (২৪ অক্টোবৰ) বিজয়া দশমী উপলক্ষে আয়তী সকলৰ সিদুঁৰ খেল ও বিজয়া মেলা অনুষ্ঠিত হব ৷৪৫ তম্ বাৰ্ষিক লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ প্ৰচাৰ আৰু জনসংযোগ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এই সমুহ কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷

Leave A Reply