Breaking

উত্তৰ অভয়াপুৰী সমষ্টিত বিধায়কৰ অকৰ্মণ্যতাত বহিৰাগত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পয়োভৰ

0 2,036

 বিধানসভা নিৰ্বাচন কেইটামান মাহ বাকী থকা অৱস্থাত বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰৰ তালিকাখন ক্ৰমশঃ দীঘলীয়া হৈ থকাৰ লগতে ভোট ভিক্ষাত নামি পৰিছে টিকট প্ৰত্যাশীসকলে ৷ বিশেষকৈ কংগ্ৰেছ দলৰ ১৫ গৰাকী আৰু ইউডিএফ দলৰ ১০ গৰাকীলৈ বৃদ্ধি পোৱা প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ সংখ্যাই একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰিৰ লগতে যুৱ নেতা ৰমেজ উদ্দিন, আব্দুল বাতিন খন্দকাৰ, আব্দুল মতিন আহমেদ, জেবিন আৰা বেগম, লিয়াকত আলী আহমেদ, খাইৰুল ইছলাম, আব্দুল কৰিম বনিয়া, দৌলাতন চৌধুৰী, ড° আনোৱাৰ হুছাইন, সৰপ আলী, মোস্তাব আলী, নাজিনা খাতুন, ছামিনা আকতাৰ চৌধুৰী, উমেদ আলী মণ্ডল আৰু নুৰুল ইছলাম ৷ ইপিনে এআইউডিএফ দলৰ পৰা জনিয়াৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ আৰু তেওঁৰ পুত্ৰ ৰেজাউল হাছান, দেৱান আব্দুল হাই, আব্দুল লতিফ মণ্ডল, ছুৰমান আলী, গাজিবৰ ৰহমান, ছেলিমা আখতাৰ কল্যাণী, হবিবৰ ৰহমান, লিয়াকত আলী খান, নুৰুল ইছলাম ৷ তাতপৰ্য্যপূৰ্ণ যে দুয়োটা দলৰেই গৰিষ্ঠ সংখ্যক দাবীদাৰেই অইন সমষ্টিৰ ৷ দুয়োটা দলতেই বহিৰাগত প্ৰাৰ্থীৰ উজান উঠা বিষয়টোৱে  ছছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰীৰ দুৰ্বল স্থিতি, দুৰ্নীতি পৰায়ন মানসিকতা, দালালক অত্যাধিক গুৰুত্ব দিয়াৰ বাবেই প্ৰাৰ্থিত্ব লাভৰ দাবীত বাহিৰৰ নেতাপালিনেতাৰ পয়োভৰ ঘটা বুলি বিভিন্ন মহলত আলোচনা চলিছে ৷ আনহাতে বিধায়ক হাই নাগৰিৰ কামকাজে দলটোক ৰাইজৰ পৰা আঁতৰাই নিয়াৰ অভিযোগ তুলি সমষ্টিটোৰ কেবাগৰাকী কংগ্ৰেছ নেতাপালিনেতাই প্ৰাৰ্থিত্বৰ দাবিৰে প্ৰচাৰ কাৰ্যত নামি পৰিছে ৷ সমষ্টিত নাগৰিৰ জনসমৰ্থন শূন্যৰ ফালে গতি কৰাৰ বিপৰীতে যুৱ নেতা ৰমিজ উদ্দিনে লক ডাউন আৰু বানপানীৰ সময়ত দৰিদ্ৰ ৰাইজক সহায় কৰাৰ বাবে জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ মাজত থকা কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ দাবী কৰি এআইউডিএফ দলৰ  প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে চুকে চুকেকোণে সভাসমিতি পাতি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে ৷ বিভিন্ন সভাইসমিতিয়ে প্ৰত্যেকেই টিকত পোৱাতো খাটাং বুলি কৈ নিজকে যোগ্য প্ৰাৰ্থী হিচাপে জাহিৰ কৰি ফুৰা কাৰ্য্য ৰাইজৰ বাবে হৈ পৰিছে আমোদজনক ৷ যদি এআইডিইউএফে সমষ্টিৰ বাহিৰৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেন্তে আমানত ধন বাজেয়াপ্ত হোৱাৰ সম্ভাৱনা আছে। যদি দলটোৱে লতিফ মণ্ডল বা দেৱান আব্দুল হাইক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জয়লাভৰ সম্ভাৱনা আছে বুলি পৰ্য্যবেক্ষক মহলে দাবী কৰিছে। সম্প্ৰতি কংগ্ৰেছ আৰু ইউডিএফ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত চলা শীতল যুঁজ খনে এটা সময়ত সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ ওলটপালট কৰিব বুলি পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে ৷ কংগ্ৰেছৰ দাবীদাৰ সকলে যেনেদৰে ইজনে সিজনক হেয় কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে, তেনেদৰে এআইইউডিএফ দলৰো এজনে আনজনক ৰাজনৈতিক শত্ৰুতাৰে ধ্বংস কৰাৰ চেষ্টা চলাইছে ৷ ফলত নিৰ্বাচনৰ দিন ঘোষণা নৌপাওঁতেই বহুধাবিভক্তত জুৰুলা হৈছে কংগ্ৰেছ-ইউডিএফ ৷ এনেদৰে নেতা-কৰ্মীৰ মাজত চলা পৰস্পৰ বিৰোধী সংঘাতে মহাজোঁটৰ অংশীদাৰ দুয়ো দলৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত ৷ কাৰন মহাজোঁটৰ আসন বুজাবুজিৰ পিচত সমষ্টি হেৰুৱাবলগীয়া দলৰ অসন্তুষ্ট নেতা-কৰ্মীৰ মাজত চৰম বিদ্ৰোহৰ সূচনা হোৱাতো নিশ্চিত ৷ অন্যহাতে বিৰোধী শিবিৰত অৱস্থান কৰিব টিকট বঞ্চিত সকল ৷ সম্ভাব্য এনে পৰিস্থিতিৰ সুযোগৰ অপেক্ষাত আছে সমষ্টিটোত শক্তিশালী ৰূপত থকা অগপই ৷ অগপৰ পৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ পৰা মকিবুল ইছলাম মজুমদাৰে প্ৰচাৰ কাৰ্য্য চলোৱা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ পৰা মহিদৰ ৰায়ে প্ৰচাৰ চলাই আছে। অসম জাতীয় পৰিষদৰ পৰা প্ৰাক্তন বিধায়ক মকবুল হুছাইন আৰু অজন্তা বৰুৱা প্ৰচাৰ চলাই আছে। সময় থাকোতে যদি কংগ্ৰেছ আৰু এআইইউডিএফ দলে প্ৰাৰ্থিত্বপ্ৰত্যাশী সকলোক নিয়ন্ত্ৰণ নকৰে তেন্তে আহি থকা দিনত দল দুটাৰ বাবে সুবিধাজনক নহ’ব বুলি ৰাজনৈতিক পৰ্যাবেক্ষক মহলত চৰ্চিত হৈছে ৷ কংগ্ৰেছ আৰু এআইডিইউএফৰ মাজত চলা মহা জোটবন্দনত উত্তৰ অভয়াপুৰী সমষ্টিত আউল লাগিছে। 

Leave A Reply