Breaking

মানকাচৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

0 1,038

মানকাচৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি ।আওপুৰণীয়া বিদ্যুৎৰ তাঁৰে বিপদ মাতিছে ৰাইজক।বিদ্যুৎৰ আওপুৰণীয়া তাঁৰৰ বাবে ৰাতিপুৱাই সংগঠিত হ’ল এক ভয়ংকৰ ঘটনা।মানকাচৰৰ বাতাপাৰা গাওঁৰ জহিৰ উদ্দিনৰ ঘৰৰ চালত বিদ্যুৎৰ তাঁৰ সংযোগ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।অগ্নিকাণ্ডৰ ফলত দুটা পশুধনৰ মৃত্যু হয়।মানকাচৰৰ বিদ্যুৎ বিভাগক বহু দিনৰ পৰাই ছেদেলী ভেদেলী বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই মানকাচৰৰ বিদ্যুৎ বিভাগে।যাৰ ফলত আজি ৰাতিপুৱাই সংগঠিত হয় এই ভয়ংকৰ ঘটনা।এতিয়ালৈকে বিদ্যুৎ বিভাগৰ ফালৰ পৰা কোনো কৰ্মচাৰী উপস্থিত হোৱা নাই ভুক্তভোগী জহিৰ উদ্দিনৰ ঘৰত ।

উল্লেখযোগ্য যে মানকাচৰ বিদ্যুৎ বিভাগৰ SDO আব্দুল্লা সেখৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া এক অভিযোগ আছে ৰাইজে তেওঁক জৰুৰীকালীন অৱস্থাত যোগাযোগ কৰিব বিচাৰিলে তেওঁ বেয়া পাই। যাৰ ফলত প্ৰায় এনেকুৱা ঘটনা সংঘটিত হয় বুলি অভিযোগ ৰাইজৰ।

Leave A Reply