Breaking

মুখত হিলিয়াম গেছ লৈ কোহলীয়ে ক’লে জেট বিমান কেইখন আছে?

0 32

বিৰাট কোহলী-নামেই যাৰ পৰিচয়। বিগত সময়ছোৱাত ভাৰতীয় ক্ৰিকেটত তেওঁৰ অৱদান অনস্বীকাৰ্য। আকৰ্ষণীয় বেটিং বিক্ৰম, এগ্ৰেছিভ লুক ইত্যাদি বিভিন্ন কাৰণৰ বাবেও অনুৰাগীৰ মাজত সমাদৃত কোহলী । ক্ৰীজত কোহলীৰ নানা অংগী-ভংগীকে অনুকৰণ কৰিব বিচাৰে অনুৰাগীয়ে। পোছাক-পৰিচ্ছদৰ উপৰিও বহুতে জানিব বিচাৰে কোহলীয়ে কেনে ধৰণৰ পানী খায়? শেহতীয়াকৈ, এটা ভিডিঅ’ প্ৰকাশ পাইছে কোহলীৰ কেতবোৰ গোপন সত্য। ভিডিঅ’টোত কোহলীক ‘ব্লেক ৱাটাৰ’ খায় নে নাই সোধা হৈছিল। কোহলীয়ে টুইটাৰত পোষ্ট কৰা ভিডিঅ’টোৰ জৰিয়তে কয়, ‘মই কেইবাৰমান খাইছো, কিন্তু প্ৰতিদিনে নাখাওঁ। আমি ক্ষাৰীয় পানী খাওঁ।’

বিশেষজ্ঞসকলৰ মতে, ক্ষাৰীয় পানী পান কৰিলে শৰীৰত অতিৰিক্ত হাইড্ৰ’জেন পোৱা যায়। বিশেষকৈ যিসকলে কঠোৰ পৰিশ্ৰম কৰে, তেওঁলোকৰ শৰীৰত ক্ষাৰীয় পানীয়ে অধিক কাম কৰে। একাংশৰ মতে, সাধাৰণ পানী খালে আমাৰ শৰীৰত যিমান পৰিমাণৰ এচিড উত্‍পন্ন হয়, ক্ষাৰীয় পানীৰ খালে তেনে নহয়। শেহতীয়াকৈ এটা বহুজাতিক কোম্পানীৰ বিজ্ঞাপনত কোহলীয়ে এই কথা সদৰি কৰিছে। একেটি বিজ্ঞাপনতে কোহলীক সোধা হৈছিল যে, তেওঁ পাঞ্জৱী ভাষা জানে নে নাই? ইয়াৰ উত্তৰত কোহলীয়ে পঞ্জাৱীভাষাত কয়, ‘মই পঞ্জাৱী ভাষা কওঁ।’

ব্যক্তিগত জেট বিমান আছে নে নাই তাকো সোধা হৈছিল কোহলীক। উত্তৰত কোহলীয়ে কয়, ‘নাই, মোৰো কোনো ব্যক্তিগত বিমান নাই, এয়া উৰাবাতৰি।’ পঢ়াশুনাত আপুনি কেনেকুৱা আছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘মই পঢ়াশুনাত ভালে আছিলো, কিন্তু কেতিয়াও শীৰ্ষত নাছিলো।’ আশ্চৰ্যজনক কথাটো হ’ল এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিওতে, কোহলীয়ে মুখত হিলিয়াম গেছ লৈ কথা পাতিছিল। ফলস্বৰূপে, কোহলীৰ কণ্ঠস্বৰ সলনি হৈছিল আৰু ধেমেলীয়া লাগিল। কোহলীয়ে নিজেই তেওঁৰ মাতটো শুনি হাঁহি ৰখাব পৰা নাছিল। শেহতীয়াকৈ, প্ৰকাশিত কোহলীৰ সাক্ষাত্‍কাৰটিয়ে আমোদ দিছে অনুৰাগীক। বহুতে কোহলীক জনাইছে অভিবাদন।

Leave A Reply