Breaking

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দুবছৰৰ বাবে নিষিদ্ধ কৰিলে ফেচবুকে।

0 2,058

কেপিটেল বিল্ডিঙত হিংসাত্মক আক্ৰমণত সংস্থাটোৰ নিয়ম ভংগ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপা কৰা হৈছে। বিগত ৭ জানুৱাৰীৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হৈছে। অৰ্থাৎ ২০২৩ চনৰ জানুৱাৰী পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। ফেচবুকৰ স্বাধীন পৰ্যবেক্ষক সংস্থাই ট্ৰাম্পৰ অনিৰ্দিষ্টকালীন বয়কটক লৈ পৰ্যালোচনাৰ পিছত এই সিদ্ধান্তত উপনীত হয়।ফেচবুকৰ ভাইচ প্ৰেচিডেণ্ট নিক ক্লেগে কয়, ‘‘ঘটনাৰ গুৰুত্বৰ বাবেই ট্ৰাম্পক বয়কট কৰা হৈছে। আমি ভাবো তেওঁৰ প্ৰতিক্ৰিয়াই আমাৰ নিয়ম ভংগ কৰিছে। আৰু সেই ভুল সৰ্বোচ্চ শাস্তিৰ যোগ্য আমাৰ বিধি অনুসৰি।’’ক্লেগে কয়, ‘‘আমি যদি ভাবো এই ম্যাদৰ পিছতো জনগণৰ আশংকা থাকি গৈছে তেন্তে বয়কটৰ ম্যাদ বৃদ্ধি হ’ব, যিমান দিনলৈ সাধাৰণ মানুহ শংকামুক্ত নহ’ব সিমান দিনলৈ ফেচবুকলৈ আহিব নোৱাৰিব ট্ৰাম্প।’’ক্লেগে কয়, ‘‘আমি জানো আমাৰ সিদ্ধান্তৰ বাবে বহু বিৰূপ সমালোচনা হ’ব। বিশেষকৈ ৰাজনৈতিক প্ৰতিপক্ষসকলে আমাক লক্ষ্য কৰিব ল’ব। কিন্তু আমাৰ কাম হ’ল সঠিক সিদ্ধান্ত লোৱা, পৰ্যবেক্ষকসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি স্বচ্ছ সিদ্ধান্ত।’’ইমানৰ পিছতো কিন্তু ট্ৰাম্প আছে স্বমেজাজত। তেওঁৰ মতে এই সিদ্ধান্ত ভোটাৰসকলক অৱমাননা। তেওঁ এতিয়াও দাবী কৰে যে ২০২০ চনৰ নিৰ্বাচনত তেওঁক একপ্ৰকাৰ জোৰ কৰি পৰাস্ত কৰা হৈছে।

Leave A Reply