Breaking

এন এফ ৰেলৱে অবিচি কৰ্মচাৰী সংস্থাৰ ৰেলৱে কাৰখানা সমিতি গঠন।

0 29

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিচি কৰ্মচাৰী সংস্থাৰ তিনিচুকীয়া মণ্ডলৰ ‌সম্পাদক  গণেশ গগৈৰ নেতৃত্বত ডিব্ৰুগড় ৰেলৱে কাৰখানাৰ সভা কক্ষত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত এন. এফ. ৰেলৱে অবিচি কৰ্মচাৰী সংস্থাৰ ডিব্ৰুগড় ৰেলৱে কাৰখানা সমিতি গঠন কৰা হয়।

এই নতুন সমিতিখনত মাধুৰ্য্য বৰুৱাক‌ সভাপতি  আৰু  অনন্ত গগৈক সম্পাদক হিচাপে লৈ মুঠ ১৬ জনীয়া কমিটি গঠন কৰে।  ভাৰত‌ চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে অন্যান্য পিচপৰা জাতিৰ কল্যাণৰ অৰ্থে বিভাগৰ নিয়োজিত লোকৰ সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ৰাখিছে যদিও তেনে সুবিধা লাভৰ‌ পৰা জাতিটো বঞ্চিত হৈ আহা বুলি সভাখনিত আলোচনা কৰা হয়। আনহাতে বিভাগটোৰ আবাসিক গৃহ , চিকিৎসালয় , কাৰ্যালয়ৰ শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ মেৰামতি তথা উন্নয়ন সাধনত বিভাগে ব্যৱস্থা লোৱাৰ ওপৰতো  গুৰুত্ব আৰোপ কৰা হয় সভাত। ইফালে আগন্তুক সময়ত জাতিটোৰ প্ৰজন্ম তথা শিক্ষিত যুৱক-যুৱতীক চাকৰি দিয়াৰ দিশত ৰে’ল মন্ত্ৰালয়ত সংৰক্ষণ ব্যৱস্থাৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীক পদোন্নতিৰ বিষয়টোয়ে গুৰুত্ব লাভ কৰে সভাত।

আনহাতে নতুন সমিতিখনে আগন্তুক দিনত সম্প্ৰীতি সমন্বয় আৰু একতা গঢ় দিয়াত সক্ষম হোৱাৰ আশা প্ৰকাশ কৰে সভাৰ বিশিষ্ট ব্যক্তিসকলে। সভাত ৰে’ল বিভাগৰ মহা প্ৰবন্ধকগৰাকীক অভাৱ অসুবিধাৰ সম্পৰ্কে জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এন. এফ. ৰেলৱে অবিচি কৰ্মচাৰী সংস্থা তিনিচুকীয়া মণ্ডলৰ সভাপতি  অনিল কুমাৰ মৌৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে অনন্ত গগৈয়ে । সভাত  উপস্থিত থাকে  মালিগাঁৱৰ ক্ৰমে  ৰভিকান্ত গুপ্তা,  ৰমেশ পল আৰু তিনিচুকীয়া মণ্ডলৰ যুটীয়া সম্পাদক  অনন্ত আৰান্ধৰা লগতে তিনিচুকীয়া মণ্ডলৰ উপদেষ্টা  মলয় চেন্নাল সহ ডিব্ৰুগড় ৰেলৱে কাৰখানা বহুতো সদস্য-সদস্যা ।

Leave A Reply