Breaking

‘ভুৱা’ বিজ্ঞাপনঃ পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল বাবা ৰামদেৱৰ পতঞ্জলি…

0 27

‘ভুৱা’ বিজ্ঞাপনঃ পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল বাবা ৰামদেৱৰ পতঞ্জলি

যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে মিছা তথ্যৰ সৈতে বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে যোগ গুৰু ৰামদেৱৰ মালিকানাধীন কোম্পানীবোৰৰ ওপৰত ১ কোটি টকালৈকে জৰিমনা আৰোপ কৰিছিল। মোদী চৰকাৰকো সেই সময়ত উচ্চতম ন্যায়ালয়ে তীব্ৰ নিন্দাৰ কৰিছিল। ইমানৰ পিছতো মোদীৰ চৰকাৰে ৰামদেৱৰ কোম্পানীৰ ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। চৰকাৰৰ ভাতঘৰৰ মানুহ হৈ পৰা ৰামদেৱক আনকি চৰকাৰে বিভিন্ন ৰাজ্যত উদ্যোগ স্থাপনৰ বাবে মাটিহে উলিয়াই দিছিল। কিন্তু এইবাৰ পুনৰ চৰকাৰী পৃষ্ঠপোষকতায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ৰামদেৱক।

উল্লেখ্য পতঞ্জলীয়ে আধুনিক ঔষধৰ বিৰোধিতা কৰি ভুল তথ্যৰে বিজ্ঞাপন প্ৰকাশ কৰি অহা বুলি আইএমএই এটা গোচৰ ৰুজু কৰিছিল । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ বিজ্ঞাপনসমূহ সন্দৰ্ভত তীব্ৰ ভৰ্ৎসনা কৰিছিল। আদালতে স্পষ্ট কৰি দিছে যে বিভ্ৰান্তিকৰ বা মিছা তথ্যৰে বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰি।ন্যায়ালয়ে বিষয়টোক লৈ কেন্দ্ৰকো সমালোচনা কৰে। বিচাৰপীঠে কয় “এয়া অতি দুৰ্ভাগ্যজনক । চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব।” কেন্দ্ৰৰ হৈ উপস্থিত থকা অধিবক্তাসকলক এইটোও কৈছিল যে ই এনে ভুৱা চিকিৎসা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও আদালতে কয়।

যোৱা বছৰৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ লগতে ৰামদেৱক ভৰ্ৎসনা কৰি কৈছিল, ” ৰামদেৱ বাবাৰ কি হ’ল? তেওঁ যিদৰে যোগক জনপ্ৰিয় কৰিছিল আমি তেওঁক সন্মান কৰোঁ।

কিন্তু তেওঁ আন প্ৰণালীক সমালোচনা কৰা উচিত নহয়। আপুনি দেখিছে যে কেনেকৈ সকলো চিকিৎসকক তেওঁলোকৰ বিজ্ঞাপনত হত্যাকাৰী হিচাপে দেখুওৱা হৈছে। “উচ্চতম ন্যায়ালয়ত বাবা ৰামদেৱৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে। কোভিড মহামাৰীৰ সময়তযোগ গুৰুজনে কৰোনাৰ চিকিৎসাত এলোপেথিৰ ব্যৱহাৰ সম্পৰ্কে আপত্তিজনক মন্তব্য কৰিছিল। তেওঁ চিকিৎসকসকলকো তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত আইএমএফে কেইবাখনো ৰাজ্যত এজাহাৰ দাখিল কৰিছিল। যোগ গুৰুজনে সকলো অভিযোগৰ তদন্তৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

Leave A Reply