ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ পৰা ভাৰতীয় দুই লাখ টকাৰ জাল নোট জব্দ। আটক ২ ।

ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বিন্নাছোৰা অঞ্চলৰ পৰা ভাৰতীয় মুদ্ৰাৰ দুই লাখ  টকাৰ  জালনোট সহ আটক দুই অপৰাধী। এক গোপন সুত্ৰৰ পম খেদি আজি ধুবুৰী আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে বিন্নাছোৰাত চলাইছিল অভিযান। আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত উদ্ধাৰ হয় ভাৰতীয় মুদ্ৰাৰ দুই লাখ জাল নোট।আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ জালনোটৰ লগতে সৰবৰাহকাৰী ক্ৰমে হুছেইন আলী আৰু মোছলেম আলী নামৰ যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰে হুছেইন আলীৰ ঘৰ বিন্নাছোৰাত আৰু মোছলেম আলীৰ ঘৰ  বালাডোবাৰ শৌলমাৰীত।এই দুই লাখ টকাৰ জালনোট বাংলাদেশৰ পৰা ভাৰতলৈ অনাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে,ভাৰতীয় অৰ্থনীতি তচনচ কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ছফা হয় ভাৰতীয় মুদ্ৰাৰ জাল নোট। আৰু ইয়াৰ লগত জড়িত হৈছে ধুবুৰীৰ একাংশ যুৱক। ধুবুৰীত ইয়াৰ পূৰ্বে ঝগৰাৰপাৰ আৰু দক্ষিণ শালমাৰাৰ মানকাচৰত উদ্ধাৰ হৈছে কেবা লাখ টকাৰ জালনোট।কিন্তু এতিয়ালৈকে উদ্ধাৰ নহল জালনোট ছপোৱা সেই গোপন স্থান।

Related Articles