Breaking

ফিল’বাৰীৰ গাঁৱে-গাঁৱে সেনাই চলাব নিচাজাতীয় দ্ৰৱ্যৰ অভিযান

0 104

তিনিচুকীয়া জিলাৰ ফিল’বাৰী, পেঙেৰী, বুঢ়ীদিহিং আদি সিমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ-কানিৰ লগতে অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় ক্ৰমাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এইসমূহ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় বন্ধৰ ক্ষেত্ৰত অঞ্চলটোৰ সচেতন লোকসকলে আৰক্ষী-প্ৰসাশনক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আৰক্ষীৰ ভূমিকাত সচেতন লোকসকল সন্তুষ্ট হ’ব পৰা নাই ।

ফলস্বৰূপে, সাংবাদিককে আদি কৰি সাধাৰণ লোকসকল ড্ৰাগছ আসক্তৰ আক্ৰমণৰ বলি হব লগীয়া হৈছে । সিমান্তৱৰ্তী এই অঞ্চলসমূহত চলি থকা ড্ৰাগছ-কানিৰ লগতে অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ফিল’বাৰীস্থিত ১৪ অসম ৰেজিমেন্টে গাঁৱে-গাঁৱে অভিযান চলাব বুলি ফিল’বাৰী সেনা চাউনীত অঞ্চলটোৰ গাওঁবুঢ়া সকলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ আলোচনাত মেজৰ অস্বনী কন্দপালে উল্লেখ কৰিছে । সেনা বিষয়া গৰাকীৰ এই আস্বাসত অঞ্চলটোৰ সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মাৰাত্মক নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় নিৰ্মূল হব বুলি আশা প্ৰকাশ কৰিছে ।

Leave A Reply