Breaking

টিংখাঙত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ভুৱা হিতাধিকাৰী : তদন্তৰ দাবী

0 93

টিংখাং

শূন্য সহনশীলতাৰ নীতিৰে পৰিচালিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক এইবাৰ কৃষি বিভাগত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যৰ সৰ্বত্ৰে তুমুল জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ সঠিকভাৱে ৰূপায়ণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। টিংখাঙত সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ অকৰ্মন্যতাৰ লগতে কৃষি বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে আঁচনিখনৰ ৰূপায়ণত অনিয়ম হোৱাৰ অভিযোগ উঠিছে। জিলাখনৰ অন্যতম কৃষি প্ৰধান বিধান সভা সমষ্টিটোৰ অন্তৰ্গত লেঙেৰী আৰু টিংখাং মৌজাৰ প্ৰকৃত কৃষকৰ সলনি একাংশ ভুৱা কৃষকৰ নাম আঁচনিখনৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে সমষ্টিটোৰ দুয়োটা মৌজাৰ শ’লগুৰি, দিল্লীবাৰীকে ধৰি প্ৰায় প্ৰতিখন গাঁও পঞ্চায়ততে ভুৱা কৃষকৰ নাম সন্নিবিষ্ট হোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰী অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগটোৰ জৰিয়তে ৰাজ্যৰ কৃষকসকলক আৰ্থিক সাহায্য আগবঢ়োৱা আঁচনিখনৰ হিতাধিকাৰী বাচনি কৰাত শাসক দল ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মী জড়িত থকাৰ বাবে ব্যাপকভাৱে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। তদুপৰি শাসকীয় মিত্ৰদল অসম গণ পৰিষদ দলৰ একাংশ নেতা কৰ্মীয়ে হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াত জড়িত থকাৰ অভিযোগ উঠিছে।হিতাধিকাৰীৰ তালিকাত একেটা পৰিয়ালৰ কেবাজনোলোকৰ লগতে শাসক দলৰ নেতা-কৰ্মীৰ নাম ব্যাপক হাৰত অন্তভূক্ত হৈছে। ইয়াৰ উপৰি একাংশ হিতাধিকাৰীয়ে বিভিন্ন বেংকত থকা একাউণ্টৰ জৰিয়তে একাধিকবাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। আঁচনিখনৰ বাবে হিতাধিকাৰীৰ তালিকাত অচিনাকী লোকৰ নাম অন্তৰ্ভূত হোৱাৰ লগতে এজন লোকৰ নাম দুবাৰ কৈ সন্নিবিষ্ট হৈছে। জানিব পৰা মতে অঞ্চলটোৰ বহুলোকে বেংক একাউণ্টৰ পৰা আঁচনিখনৰ ধন উলিয়াই খৰচ কৰিছে। এই ব্যাপক অনিয়মত কৃষি বিভাগৰ বিষয়া কৰ্মী জড়িত থকাৰো অভিযোগ উঠিছে। অঞ্চলটোত বিভাগটোৰ বিষয়া কৰ্মীয়ে ক্ষেত্ৰ পৰিদৰ্শন নকৰাৰ বাবে একাংশ লোকে অবাধে অনিয়ম সংঘটিত কৰিবলৈ সুবিধা লাভ কৰি চৰকাৰী আঁচনিখনক প্ৰহসনত পৰিণত কৰি তুলিছে।জিলাখনৰ পিছপৰা অঞ্চলটোৰ একাংশ কৃষকে মাটিৰ ভুৱা নথি পত্ৰ জৰিয়তে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰত টিংখাং ৰাজহ চক্ৰৰ একাংশ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উঠিছে। এডৰাও খেতি পথাৰ নথকালোকেও কৃষকৰ বাবে আৱণ্টিত ধন লাভ কৰা কাৰ্যই প্ৰকৃত খেতিয়কসকলক ক্ষোভিত কৰি তুলিছে। অঞ্চলটোৰ ক্ষোভিত কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত সংঘটিত চূড়ান্ত অনিয়মৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক দাবী কৰিছে। শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যখনতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ৰূপায়ণ সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাই এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰী কৰা বুলি জানিব পৰা গৈছে। এই তদন্তৰ আওতাত পৰিলে কৃষি প্ৰধান টিংখাং বিধান সভা সমষ্টিত বহু ৰৌ বৰালি জালত পৰা সম্ভাৱনা আছে।ইপিনে টিংখাং অঞ্চলত আঁচনিখনৰ বাবে বাচনি কৰা হিতাধিকাৰীৰ তালিকাখনত আসোঁৱাহ থকাৰ কথা কৃষি বিভাগে স্বীকাৰ কৰা বুলি জনিব পৰা গৈছে।

Leave A Reply