Breaking

নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙি তমন্নাহ ভাটিয়াক সাক্ষাৎ অনুৰাগীৰ…

0 95

নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙি তমন্নাহ ভাটিয়াক সাক্ষাৎ অনুৰাগীৰ। তমন্না ভাটিয়াৰ শেহতীয়া এটা ভিডিঅ’য়ে লাভ কৰিছে চৰ্চা। এই ভিডিঅ’টোত তমন্না ভাটিয়াৰ নিৰাপত্তা বেৰিকেড ভাঙি এজন ব্যক্তি অভিনেত্ৰীগৰাকীৰ ওচৰলৈ আহে। ইয়াৰ পিছত তেওঁ এনেকুৱা এটা কাম কৰে যে মিনিটৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

বলীউডৰ অভিনেত্ৰী তমন্নাহ ভাটিয়া পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ বাবে লাইমলাইটত থাকে। এফালে অভিনেত্ৰীগৰাকীৰ নৃত্য ‘কাৱালা’ শিৰোনামত থকাৰ বিপৰীতে আনফালে বিজয় ভাৰ্মাৰ সৈতে তেওঁৰ ডেটক লৈ অহৰহ চৰ্চা চলি আছে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তমন্নাৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত তামানাহৰ অনুৰাগীয়ে বেৰিকেড ভাঙি অভিনেত্ৰীগৰাকীৰ সৈতে ল’লে চেল্ফি।



ইয়াৰউপৰিও অনুৰাগীগৰাকীয়ে অভিনেত্ৰীগৰাকীৰ হাতত ধৰে। অনুৰাগীয়ে হাতখন ধৰাৰ লগে লগে তমন্নাৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক আঁতৰাই লৈ য়ায়। ইয়াৰ পিছত তমন্নাই নিৰাপত্তাৰক্ষীক কয় যে তাইক লগ কৰিবলৈ দিয়ক। ইয়াৰ লগে লগে তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে চেলফি লয়। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তমন্নাৰ এই ভিডিঅ’টো।

Leave A Reply