Breaking

হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক,এ.এন.এম, স্বাস্থ্যকৰ্মীক বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

0 82

হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক,এ.এন.এম, স্বাস্থ্যকৰ্মীকে আদি কৰি ৬ গৰাকীকৈ বিদায়ী প্ৰাৰ্থীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত আজি চিকিৎসক,এ.এন.এম, স্বাস্থ্যকৰ্মীকে আদি কৰি প্ৰায় ৬ গৰাকীকৈ বিদায় প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰৰ্থে এখনি বিদায় সভা সম্পন্ন হ’য় । সভাৰ সভাপতিত্ব কৰে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা° গৌৰাংগ দাসে।সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই।

সভাত সদ্য অৱসৰ প্ৰাপ্ত ৬ গৰাকীকৈ স্বাস্থ্য কৰ্মী তথা চিকিৎসক ক্ৰমে ডা° হলিৰাম দাস,এল.এইটচ.এচ. মিলন ৰাজবংশী,এ.এন.এম নিৰদা কলিতা,এ.এন.এম নিৰলা দাস,ফাৰ্মাৰ্চিষ্ট তাইজুদ্দিন আহমেদ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কমলেশ্বৰ পাটোৱাৰীক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হ’য়।প্ৰত্যেককে এখনি ফুলাম গামোছা,এটি পিতলৰ শৰাই আৰু এখনি মানপত্ৰৰে আনুষ্ঠানিকভাৱে আজি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হ’য়।ইয়াৰ পিছতে শিৱ বন্দনা পৰিৱেশনৰে অনুষ্ঠানটি জীপাল হৈ পৰে।লগতে বিদায় প্ৰাৰ্থীবৃন্দই সুদীৰ্ঘ কৰ্মজীৱনৰ স্মৃতি আলোকপাত পাত কৰি কিছু পৰিমানে আৱেগিক হৈ পৰা পৰিলক্ষিত হ’য় ।

অনান্য সতীৰ্থসকলেও ভাষণ প্ৰসংগৰে বিদায় প্ৰাৰ্থীবৃন্দৰ অনাগত জীৱন সুখময় আৰু সু- স্বাস্থ্য কামনাৰে শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰে। সভাৰ শেষত স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত সভাৰ সফল সামৰণি পৰে।তদুপৰি সভাত চিকিৎসালয়ত কৰ্মৰত প্ৰায়সংখ্যক চিকিৎসক,নাৰ্চ,এ.এন.এম,আশা কৰ্মীকে প্ৰমূখ্য কৰি প্ৰায় শতাধিক লোক উপস্থিত থকা পৰিলক্ষিত হৈছে।

Leave A Reply