Breaking

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীৰ বিদায় সম্বৰ্ধনা সভা

0 94

চাকৰিকালৰ অন্তিম দিনটোত কাৰ্যালয়ৰ সন্মুখত এজুপি বৃক্ষৰোপণ কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ লগত সুদীৰ্ঘ কৰ্মময় জীৱনৰ সম্পৰ্ক অটুত আৰু দীৰ্ঘস্থায়ী কৰিলে জেষ্ঠ সহকাৰী সহায়ক নীলাক্ষি গোস্বামীয়ে৷

উল্লেখ্য যে, ৩০বছৰ ৩ মাহৰ চাকৰিকালত গোস্বামীয়ে সুদীৰ্ঘ ২৮ বছৰ গুৱাহাটীতে কাৰ্যনিৰ্বাহ কৰে৷ বিভাগটোৰ লগত তেওঁৰ সম্পৰ্কৰ মধুৰ স্মৃতি কেতিয়াও মচিব নোৱাৰা।

সেয়ে কৰ্মচাৰী গৰাকীৰ আজি স্বেচ্ছামূলক অৱসৰ(VRS)ৰ দিনটোত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত বৃক্ষৰোপণৰ এক ব্যতিক্ৰম কাৰ্যসূচীৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ উপস্থিতিত এখন বিদায় সভা অনুষ্ঠিত হয়।

বৃক্ষৰোপণ আৰু বিদায় সভাত অংশগ্ৰহণ কৰি কৰ্মচাৰী গৰাকীয়ে পৰিবহণ বিভাগত কটোৱা চাকৰিকালত জিলা পৰিবহণ বিষয়া হিচাপে দীৰ্ঘদিন গৌতম দাসৰ সৱল আৰু সঠিক নেতৃত্বত কটোৱা কৰ্মময় জীৱনৰ মধুৰ স্মৃতি- অভিজ্ঞতাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে৷ পৰিবহণ বিষয়াগৰাকীৰ সহযোগিতাত নিজকে এগৰাকী নিঃস্বাৰ্থ কৰ্মচাৰী হিচাপে গঢ়ি তুলিবলৈ পাই তেওঁ গৌৰৱবোধ কৰাৰ কথা কয়।

ইফালে কাৰ্যালয়টোত সহকৰ্মী হিচাপে লাভ কৰা অনান্য কৰ্মচাৰীসকল তেওঁৰ মনত ওৰেটো জীৱনলৈ থাকি যাব বুলি কৈ শোকবিহ্বল হৈ পৰে।

এই উপলক্ষে অনুষ্ঠিত বিদায়ী সভাখনত সভাপতিত্ব কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কৰ্মচাৰী গৰাকীয়ে চাকৰিকালত একান্ত নিষ্ঠা আৰু একাগ্ৰতাৰে উৎসৰ্গিত মনোভাৱেৰে আগবঢ়োৱা সেৱাৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ হৈ অভিনন্দন জনায়।

একেদৰে কৰ্মচাৰী গৰাকীয়ে দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনৰ সমান্তৰালভাৱে এক অন্তৰ্মুখী আৰু আধ্যাত্মিক জীৱন কটাবলৈ বুলি স্বেচ্ছাই অৱসৰ লোৱা কাৰ্যক শুভেচ্ছা জনায় কৰ্মচাৰী গৰাকীৰ আগন্তুক অৱসৰকালীন জীৱন আৰু অধিক আনন্দদায়ক আৰু সুখকৰ হোৱাৰ কামনা কৰে।

বিদায় সভাখনত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ উপস্থিতিত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, বৰবাবু ৰবেন্দ্ৰ নাথ পাঠক, দেৱ কুমাৰ বৰা, গোলাপী বৰদলৈ, জোনালী পাটোৱাৰী, বিনীতা কাঠাৰ, সিদ্ধেশ্বৰ ৰংহাং, গোলাপী বৰদলৈ আদিয়ে বিদায়ী কৰ্মচাৰী গৰাকীৰ লগত কামকৰা দিনৰ স্মৃতি-সান্নিধ্যৰ কথা সুঁৱৰি ভাষণ দিয়াৰ লগতে যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰে গীত, সাধনা বৰুৱাই ভক্তিমূলক গীত পৰিবেশন কৰি অনুষ্ঠানটি অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে৷

Leave A Reply