Breaking

মৰিগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী গাড়ী চালক শন্তৰাম দাসৰ বিদায় সম্ভাষণ

0 71

শুক্তবাৰে মৰিগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী গাড়ী চালক শন্তৰাম দাসে চাকৰিকাল সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত অৱসৰ গ্ৰহণ কৰে। ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া অৰুন্ধতী নৰহ মিপুন‌ আৰু তিনিজন সহকৰ্মীয়ে বিদায় সম্ভাযণ জনাই দাসৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।


১৯৯২ চনত চাকৰিত যোগদান কৰি অসমৰ বিভিন্ন জিলাত নিষ্ঠাৰে কৰ্ম সম্পাদন কৰাৰ পিছত ২০১৪ চনত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় মৰিগাঁৱত বদলিসুত্ৰে যোগদান কৰি ৭ বছৰ কাল আৰু মুঠ ৩২ বছৰ কাল চৰকাৰ আৰু ৰাইজৰ সেৱা কৰাৰ অন্তত আজি তেখেতে অৱসৰ গ্ৰহণ কৰে।

Leave A Reply