Breaking

গোসাইগাঁও বি এড মহাবিদ্যালয়ত বিদায় সভা সম্পন্ন

0 160

গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল স্থিত বি এড মহাবিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীক বিদায়ী সম্বৰ্ধনা জনোৱাৰ লগতে গুৰুদেব কালিচৰন ব্ৰহ্ম সোৱৰনী শ্ৰেষ্ঠ শিক্ষাৰ্থী পুৰস্কাৰ প্ৰদান কৰা হয় ৷ মহাবিদ্যালয় প্ৰাঙ্গনত আয়োজিত অনুষ্ঠানৰ আদিতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

মহাবিদ্যালয়ৰ প্ৰবক্তা কল্পনা চৰেনে অতিথিৰ চিনাকী পৰ্ব দাঙি ধৰা অনুষ্ঠানৰ আদৰনি ভাষন আগবঢ়ায় গোসাইগাঁও বি এড কলেজৰ অধ্যক্ষ ড° অজিত বড়োই ৷ অনুষ্ঠানৰ উদ্বোধক তথা মুখ্য অতিথি কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যত সাৰুৱা ভাষন আগবঢ়ায় ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে শৈক্ষিক দিশ সম্পৰ্কে ভাষন প্ৰদান কৰে ৷অনুষ্ঠানত বিটিচিৰ সচিব নৰেন চন্দ্ৰ বসুমতাৰী সহ কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে উক্ত অনুষ্ঠানত গুৰুদেব কালিচৰন ব্ৰহ্ম সোৱৰনী শ্ৰেষ্ঠ শিক্ষাৰ্থী পুৰস্কাৰ প্ৰদান কৰা হয় ৷

Leave A Reply