Breaking

ফিল’বাৰীৰ ৰংপুৰ গাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্দ্ধনা

0 2,035

 তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰংপুৰ গাৱঁৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ গ্ৰহণ কৰা প্রধান শিক্ষক শশীন্দ্ৰ কুমাৰ চুতীয়াক শিল্পী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক কাৰ্যসূচীত বিদায় সম্বৰ্দ্ধনা জনোৱা হয় । ৰংপুৰ গাওঁবাসীৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কৰা হয় ।  অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্র গায়ন, অৱসৰ প্ৰাপ্ত শিক্ষক কমলা কান্ত চুতীয়া, ভৈৰৱ বৰা, মীৰা চেতিয়া দুৱৰী, মহেন্দ্র দাসৰ লগতে ৰংপুৰ গাৱঁৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিভিন্ন গীত মাতেৰে মুখৰিত হোৱা শিল্পী দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানৰ  কাৰ্য্যসূচীত ৰংপুৰ গাৱঁৰে ৰাজীৱ লোচন বৰা, তৰুণ চন্দ্র গায়ন, প্ৰিয়ংকা শইকীয়া,  আকাশ কোঁৱৰ আদি মুঠ ৮ গৰাকী লোকে  গছ পুলি ৰোপন কৰে। 

Leave A Reply