Breaking

কামৰূপ জিলাৰ তিনিখন জলসিঞ্চন আঁচনিৰ জৰিয়তে উপকৃত কৃষক ৰাইজ

0 1,541

কৃষক ৰাইজৰ উপকৃত সাধনৰ লক্ষ্যৰে কামৰূপৰ তিনিখন জলসিঞ্চন আঁচনিয়ে  বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক যথেষ্ট খিনি উপকাৰ সাধন কৰা পৰিলক্ষিত হোৱাৰ বাতৰি পোৱা গৈছে । শেহতীয়াকৈ ইয়াৰ অন্তৰ্গত তথা বকো সমষ্টিৰ মেধিপাৰাকে ধৰি শিংৰা , শিঙুৱা সহ মু্ঠ তিনিখন বোৱতি নৈ আঁচনিয়ে উপকাৰ সাধিছে । তথ্য মতে মেধিপাৰা  আঁচনিখনে  ৮০০ হেক্টৰ , শিংৰাই ৫০০ হেক্টৰ আৰু শিংগুৱা জলসিঞ্চন আঁচনিখনে ৪০০ হেক্টৰ কৃষিভূমিত বিস্তৃত ভাৱে পানী যোগান ধৰি আহিছে । জানিব পৰা মতে এই আঁচনি কেইখনৰ অন্তৰ্গত  গাঁৱসমূহ হ’ল মেধিপাৰা , নাৰেংগা , আউনিআটি , পৈৰাংগা , কাইঠপাৰা , বজ্ৰাপাৰা , ৰাজাপাৰা , কুকুৰমাৰা , বন্দাপাৰা , বৰচুং , বৰিপাৰা , পালাহপাৰা(শিংৰা) , জলাপাৰা , নোৱাপাৰা , পুখুৰীপাৰা আদি । ইতিমধ্যে  এই আঁচনিৰ পৰা বৃহত্তৰ অঞ্চলটোৰ প্ৰায় আঠ শতাধিকতকৈ অধিক কৃষক ৰাইজ উপকৃত হৈছে । আনপিনে এই আঁচনি কেইখনে খোৰাং বতৰতো কৃষক ৰাইজক কিছু পৰিমাণে হ’লেও পানী যোগান ধৰিছে  লগতে বকোৰ ৰায়পাৰা আৰু বাদলিপাৰা গভীৰ নলী নাদ আঁচনি দুখনো উপকাৰ সাধিছে ৰাইজক ।  কোৱা বাহুল্য যে এই আঁচনি কেইখনৰ বিভিন্ন প্ৰান্তত এতিয়াও মেৰামতিৰ পৰা অৱহেলিত হৈ আছে লগতে বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে মেৰামতিৰ ব্যৱস্হা কৰিলে  প্ৰতিখন বোৱতি আঁচনিয়ে ১২০০ হেক্টৰকৈ কৃষক সকলক পানী যোগান সু-ব্যৱস্হা কৰিব পাৰিব । বৃহত্তৰ  অঞ্চলটোৰ সৰহ সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে সম্পূৰ্ণ ৰূপে মেৰামতি নোহোৱাৰ ফলস্বৰূপে ৰাইজ বিমোৰত পৰিব লগা হোৱাৰ উপৰি বিভাগে যিমান ধন আঁচনিৰ নামত মোকলাই দিছে সেয়া পৰ্যাপ্ত নহয় স্পষ্ট । সেয়েহে বিভাগীয় কৰ্তৃপক্ষই এই আঁচনি কেইখনৰ মেৰামতি কৰিলে আৰু অধিক কৃষক ৰাইজ  উপকৃত  হ’ব সেই কথা বিনাদ্বিধাই ক’ব পাৰি । 

Leave A Reply