Breaking

ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতি সন্মুখীনহৈছে কৃষক,এইবাৰ আন্তঃৰাজ্যিক তৰমুজ চিণ্ডিকেট আৰাম্ভ হৈছে

0 2,074

ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰৌতা, মেৰাবিল , গৰৈমাৰী , কাহিবাৰী , আদি ঠাইৰ লগতেই  জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন  জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বিভিন্ন ৰাজ্যত গৈ বছৰ বছৰ ধৰি  বেচৰকাৰী সন্থা , ফেক্টৰী , শ্বপিং মল , প্ৰাইভেট অফিচ আদিত কৰ্মৰত বা ফেক্টৰীৰ চকীদাৰ ইত্যাদি  নানান ধৰণৰ কৰ্মত লিপ্ত থাকি নিজৰ  পৰিয়াল পুহ পাল দি অহা বেছিভাগ যুৱক সকল যোৱাবাৰৰ ক’ভিড  ১৯ ৰ আতংকত নিজ ৰাজ্যলৈ উভতি আহি ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এক সপোন দেখি মনত  প্ৰবল ইচ্ছা শক্তি যোগাই  আত্মনিৰ্ভৰশীল,হোৱাৰ সপোন  মনত পুহি অঞ্চলটোৰ বহুতো  শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আত্মনির্ভৰশীল হবলৈ ৰাজ্যৰ ভিতৰতেই বৰ্তমান  ওদালগুৰি জিলা খনত সৰ্বাধিক উৎপাদন হবলৈ  ধৰা তৰমুজ খেতিত নিজে বৰ্হি ৰাজ্যৰ  পৰা কষ্টেৰে সঞ্চয়  কৰি অনা ধন ব্যয় কৰি ওদালগুৰি জিলাৰ অইন ডাঙৰ ডাঙৰ খেতিয়ক সকলৰ দৰেই  দেখা দেখি তেঁওলোকেও ব্যাপক হাৰত টকা খৰছ কৰি  শ শ বিঘা মাটিত তৰমুজ খেতিত নিজৰ গাঁঠিৰ ধন ভাঙি তৰবুজ  উৎপাদন কৰিছে ঠিকেই —  কিন্তু  একেবাৰেই এতিয়া বিক্ৰী নোহোৱা ঘটনাই কৃষক সকলৰ সকলৰ লগতেই সেই বেকাৰ নিবনুৱা যুৱক সকলৰ  কপালৰ ঘাম মাটিত পৰিছে ।  চিন্তাত কি কৰো নকৰো হৈছে । আটাইতকৈ পৰিতাপৰ বিষয়টো হল যে তেওঁলোকে  বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰি ব্যাপক হাৰত  তৰমুজ উৎপাদন কৰিছে । অতি কমেও  ১০ হেজাৰ  বিঘা মাটিত এই খেতি কৰা হৈছিল  কিন্তু অৱশেষত  এতিয়া সঠিক বজাৰৰ  অভাৱত বা কিবা এটা বিশেষ কাৰণত হাজাৰ হাজাৰ বিঘা মাটিত উৎপাদন হোৱা তৰমুজ  এতিয়া ২/৩ টকা কেজি হিচাপে বেচিবলৈও গ্ৰাহক নোপোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দুখীয়া কৃষক সকলক। জানিব পৰা মতে দৰং জিলাৰ দলগাওঁ,খাৰুপেটীয়া, বেছিমাৰি ,চিকণমাটি , লালপুল আদিৰ একাংশ আন্তঃৰাজ্যিক মধ্যভোগী দালাল সকলৰ মাফিয়া ছিণ্ডিকেটৰ ফলত এই ধৰণৰ ক্ষতি হোৱা কথা পোহৰলৈ আহিছে । এই মধ্যভুগী  দালাল সকলে তৰমুজ  ক্ৰয় কৰি লৈ যোৱা ডাঙৰ ডাঙৰ ব্যৱসায় সকলক মেনেজ কৰি তেওঁলোকে যাতে ইয়াত আহি ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজেই ডেলিভাৰী দিয়া বাবে ওদালগুৰি জিলাৰ খেতিয়ক সকলক বঞ্চিত,প্ৰতাৰিত  কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ৷.
উচিত মূল্য পোৱা কথাতো দূৰৈৰ কথা বিক্ৰী নোহোৱা হৈছে  যাৰ ফলত সকলো খেতিয়কৰ লগতে বহিৰাজ্যৰ পৰা উভতি আহি খেতিত নিজৰ গাঁঠিৰ ধন ব্যয় কৰি এইদৰে লোকচানৰ সন্মুখীন হব লগীয়া হৈছে দুখীয়া নিবনুৱা যুৱক সকল । যাৰ ফলত নিবনুৱা যুৱক যুৱতীৰ ৰাতিৰ টোপনি হৰণ হোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত নৱ নিৰ্বাচিত কৃষি মন্ত্ৰীৰ  লগতে চৰকাৰ পক্ষই দুখীয়া কৃষকক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰিলে কৃষক সকল কিছু পৰিমানে হলেও সকাহ পালে হয় বুলি অঞ্চলবাসীৰ মনত ধাৰণা হৈছে । আশা কৰোঁ এই ক্ষেত্ৰত চৰকাৰেও চৰকাৰৰ মতে কিবা পদক্ষেপ , নাইবা কিছু বিকল্প চিন্তা নিশ্চয় কৰিব বুলি কৃষক  সকল   আশাৰে বাট চাই আছে  ।  সকলো কৃষকে নিজৰ মূলধন হেৰুৱাৰ বেদনাত কাকো কব নোৱাৰাকৈ চকুলো টুকিছে যিটো অত্যন্ত দুখ লগা বিষয় পৰিছে সমগ্ৰ ওদালগুৰি জিলা খনত ।

Leave A Reply