Breaking

উদং পথাৰ, খৰাং বতৰ, আৰু বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ কৃষক

0 1,789

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খৰাং বতৰে কৃষকসকলৰ মাজত সৃষ্টি কৰা হাহাঁকাৰ অৱস্থাৰ সমান্তৰালভাৱে মহুৰামুখৰ উত্তৰ অংশৰ কৃষক সকলৰ মাজতো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে৷কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত বিধান সভাৰ মহুৰামুখৰ গেলাবিল নৈৰ উত্তৰ অংশৰ বানক্ষতিগ্ৰস্ত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অফলা,ৰোহিতা,কেমেৰি,বৰবালি,ভলুকাগুৰি,চেলেক,টিকিৰাই,পাঠৰীকে ধৰি অৰ্ধশতাধিক গাঁৱৰ পথাৰসমুহ উকা হৈ পৰি ৰৈছে পানীৰ অভাৱত৷নৈ পৰীয়া অঞ্চলতোৰ প্ৰধান খেতিতো কৰিবৰ বাবে অতি আগ্ৰহেৰে কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই মাটি চহাই শালি খেতিৰ বাবে প্ৰস্তুত কৰি এতিয়া থমকি ৰ’ব লগাত পৰিছে৷কৃষকসকলে এতিয়া আশাৰে বাট চাই ৰৈছে এজাক বৰষুণলৈ৷কৃষকসকলে চহোৱা মাটি আৰু ক্ৰমান্বয়ে বুঢ়া হব ধৰা কঠীয়াখিনিলৈ চাই হা-হুমুনীয়া কাঢ়ি থকাৰ বাহিৰে একোৱেই কৰাৰ উপায় নথকা অৱস্থাৰ সৃষ্টি হৈছে৷কিয়নো কৰোণাৰ প্ৰকোপৰ বাবে ক্ৰমাগত ভাৱে হোৱা লকডাউননে ইতিমধ্যেই কোঙা কৰা কৃষকসকলে ডিজেলৰ অত্যাধুনিক মূল্যৰ বাবে ডিজেল চালিত পানী পাম্পেৰে খেতি কৰাৰ আশা ইতিমধ্যে ত্যাগ কৰিছে৷ইফালে ২৪ ঘন্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়া পৰিবৰ্তনকামী চৰকাৰখনৰ বিদ্যুতবিভাগৰ ব্যৰ্থতাইও জ্বলাকলা খোৱাইছে কৃষক ৰাইজক৷কৃষি বিভাগে কৃষক সকলক সুবিধাৰ বাবে চালিত মটৰ দিছে যদিও বিদ্যুতৰ লুকাভাকুৰ বাবে মটৰ সমূহ প্ৰদৰ্শনী হিছাপে পথাৰত ৰখাৰ দৰে হৈ পৰিছে৷এফাল কৰোণাৰ প্ৰকোপ আনফালে খৰাং বতৰে অনাগত দিনবোৰক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে দুখীয়া কৃষক সকলৰ মাজত৷এনে খৰাং পৰিস্থিতিত ৰাজ্যৰ কৃষি বিভাগৰ মন্ত্ৰী তথা স্হানীয় বিধায়ক গৰাকীয়ে কৃষক সকলক কেনেদৰে সকাহ দিব অথবা শক্তি মন্ত্ৰী বিমল বৰাই কি ব্যবস্থা গ্ৰহণ কৰিব সেইয়া লক্ষনীয় হব যদিও কৃষক ৰাইজে সকলো আশা ত্যাগ কৰি এতিয়া অপেক্ষা কৰিছে ভগৱানৰ কৃপা দৃষ্টিৰ ওপৰত৷

Leave A Reply