Breaking

বৰছলা বিধানসভা সমষ্টিৰ ২নং বছাশিমলুত কৃষকৰ হাহাকাৰ…

0 53

ঢেকীয়াজুলি আৰক্ষীথানা এলেকাৰ ২ নং ৰঙাগড়াৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা বিগত দুদিন ধৰি নিৰুদ্দেশ হৈ থকাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে৷উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষীথানা এলেকাৰ ২নং ৰঙাগড়াৰ ৰহিমা খাতুন নামৰ ৭০ বছৰীয়া বৃদ্ধাগৰাকী ১৭ নবেম্বৰ তাৰিখে তেজপুৰ মিৰ্ধা নাৰ্চিং হোমত চিকিৎসাৰ বাবে গৈছিল৷

যদিও আজিলৈকে নিজ গৃহ আহি নাপালে বৃদ্ধা গৰাকী পৰিয়ালৰ লোকে আত্মীয়ৰ লগতে বিভিন্ন স্থানত বিচাৰখোচাৰ কৰি কোনো সন্ধান নাপালে বৃদ্ধাগৰাকীৰ৷বৃদ্ধাগৰাকীৰ কোনো সন্ধান নোপোৱাত নিৰুপায় হৈ

বৃদ্ধাগৰাকীৰ সন্ধান বিছাৰি আজি পৰিয়ালৰ লোকে ঢেকীয়াজুলি আৰক্ষীথানাত জাননী দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে৷যদি কোনো লোকে মহিলাগৰাকীৰ সন্দান পায় তেন্তে 8822460039 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

https://fb.watch/gUryGrlV1V/

ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ প্ৰতিবেদন

Leave A Reply