Breaking

টুপামাৰী-ৰাঙ্গাপানী অঞ্চলৰ কৃষকৰ হাহাকাৰ ! জলসিঞ্চনৰ অভাৱ…

0 18

টুপামাৰী-ৰাঙ্গাপানী অঞ্চলৰ কৃষকৰ হাহাকাৰ
জলসিঞ্চনৰ অভাৱ
খৰাঙত ইৰিধানৰ খেতিত মেলিছে চিৰাঁল ফাঁট

কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰাৰ টুপামাৰী আৰু ৰাংঙ্গাপানী অঞ্চলত শ শ বিঘা ইৰিধানৰ খেতি কৰিছে যদিও চৰকাৰৰ জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত কৃষক সকলে বিমোৰত পৰিছে। অঞ্চলটোৰ কেইবাগৰাকী কৃষক ৰাইজে জনোৱা মতে, অতিমাত্ৰা খৰাং বতৰে শেহতীয়াকৈ কৃষক ৰাইজক বিপাঙত পেলাইছে। নিতৌ অধিক মূল্যৰ ডিজেল ক্ৰয় কৰি শ্লেলো মেচিনৰ সহয়ত পানী দিও তৎ নহোৱা হৈছে কৃষক সকলৰ। অঞ্চলটোৰ বিদ্যুতৰ লুকাভাকু আৰু কম ভল্টেজৰ বাবে মটৰৰ জড়িতেও খেতিপথাৰত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে বিফল হৈছে কৃষক সকলে ৷ অঞ্চলটোৰ শ শ দৰিদ্ৰ পৰিয়ালে নিজৰ সাচতীয়া ধন ব্যয় কৰাৰ লগতে বেংকৰ পৰা ঋণ লৈ অধিক লাভৰ আশাৰে কৰা ইৰিধানৰ খেতিত একমাত্ৰ পানীৰ অভাৱত খেতিপথাৰ চিৰাঁল ফাঁট মেলি বিনষ্ট হব ধৰিছে।

উল্লিখিত অঞ্চলৰ প্ৰায়ভাগ লোকেই খেতিপথাৰ লগত জড়িত আৰু ইৰিধানৰ খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া শ শ কৃষক ৰাইজে ধানৰ কঠিয়া ৰোপন কৰাৰ পিছত সেউজীয়া হৈ পৰা শ শ বিঘা ধাননি খৰাং বতৰত পানী যোগান ধৰিব নোৱাৰাত ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলাত কৃষক ৰাইজ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিজৰ সপোনৰ ইৰিধানৰ খেতিত সেউজীয়া হোৱাৰ সময়তে ধান খেতিৰ এনে অৱস্থাত দুচিন্তাত পৰাৰ লগতে হাজাৰ হাজাৰ কৃষক ৰাইজে দিশহাৰা হৈ পৰিছে । উল্লেখযোগ্য যে, কৃষি প্ৰধান অঞ্চলত বছৰ বছৰে কৃষক ৰাইজে বহু আবেদন নিবেদন জনোৱাৰ পিছতো আজিলৈকে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে জলসিঞ্চন ব্যৱস্থা নকৰাত ক্ষোভিত

হৈ পৰিছে কৃষক ৰাইজে ৷ একমাত্ৰ পানী যোগান ধৰিব নোৱাৰাত এফালৰ পৰা ইৰিধানৰ খেতি ছিঁৰাল ফাঁট মেলাত কৃষক ৰাইজ আৰু কৃষক পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ খেতি সেউজীয়া হোৱাৰ সময়তে শ শ বিঘা দৰিদ্ৰ পৰিয়ালৰ কৃষকৰ ধাননি পথাৰ ফাঁট মেলাত বৃহৎ ক্ষতি হব বুলি আকাংক্ষা কৰিছে দৰিদ্ৰ কৃষক সকলে। ইমানৰ পিছতো আজিলৈকে ক্ষতিগ্ৰস্ত কৃষক সকলৰ কাষত থিয় দিবলৈ আহৰি নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ৷ অতিশীঘ্ৰে নগৰবেৰাৰ টুপামাৰী-ৰাংঙ্গাপানী অঞ্চলত ক্ষতিগ্ৰস্ত কৃষকৰ উচিত ক্ষতিপূৰণৰ লগতে শীঘ্ৰে চৰকাৰ তথা বিভাগীয় ভাবে জলসিঞ্চনৰ জড়িতে পানী যোগানৰ ব্যৱস্থা কৰিবলৈ ক্ষতিগ্ৰস্ত কৃষকৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজে দাবী জনাইছে।

Leave A Reply