Breaking

কৃষক আইনক সমৰ্থন দেশবাশীৰ – চি পি আই(এম এল)ৰ ধন্যবাদ

0 1,262

তিনিচুকীয়া, ৮ডিচেম্বৰ: মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি আৰু কৃষক বিৰোধী তিনিখন কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সংঘৰ্ষ সমন্বয় সমিতিয়ে ৩০টাৰো অধিক কৃষক সংগঠনৰ উদ্যোগত এই তিনিখন আইন প্ৰত্যাহাৰৰ দাবীত যোৱা ১০ দিন ধৰি চলি থকা দিল্লী ঘেৰাওৰ মাজত অৱস্থান কৰিয়েই আহ্বান জনোৱা ৮ ডিচেম্বৰ অৰ্থাৎ আজিৰ ভাৰত বন্ধ সৰ্বাত্মকভাৱে সফল কৰাৰ বাবে চিপিআই(এম-এল)ৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সদস্য তথা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সুভাষ সেনে দেশবাসীক ধন্যবাদ তথা অভিনন্দন জনাইছে । এই সম্পৰ্কে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰা হৈছে যে স্বাধীনতাৰ আগে পিছে গোটেই দেশত সংঘটিত হোৱা অসংখ্য কৃষক আন্দোলন, কৃষক বিদ্ৰোহ ভাৰতীয় সমাজৰ মূল চালিকা শক্তি হিচাপে বিবেচিত হৈছে। অসমতো ফুলগুৰি, ধেৱা, ৰঙিয়া, পথৰুঘাট আদিৰ কৃষক সংগ্ৰাম আৰু মোৱামৰীয়া বিদ্ৰোহে অসমৰ সমাজ জীৱনত যি গতি সঞ্চাৰ কৰিছিল সেই গতিয়ে পিছত অসহযোগ আন্দোলনতো বিৰাট অৱদান যোগাইছিল । এই সকলো কৃষক আন্দোলন, কৃষক বিদ্ৰোহত গুণগতভাৱে নসংযোজন ঘটাইছিল ৬০ৰ দশকত পশ্চিমবংগৰ দাৰ্জিলিং জিলাত সংঘটিত হোৱা নক্সালবাৰীৰ কৃষক অভ্যুত্থানে। কেৱল অৰ্থনৈতিক দাবীৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি এই অভ্যুত্থানে কৃষকৰ ৰাষ্ট্ৰ ক্ষমতা দখলৰ দিশটো সন্মুখলৈ লৈ আহিছিল। কৃষক আন্দোলনৰ প্ৰভাৱ যে শ্ৰমিক আন্দোলনতো পৰি গৈ থাকিব সেয়া ধুৰূপ। কৃষি আইনৰ বিৰুদ্ধে আজিৰ কৃষক বিদ্ৰোহে শ্ৰমিকৰ দাবীও সাঙুৰি লৈছে আৰু বিদ্যুৎ বিল, ২০২০ৰ প্ৰত্যাহাৰৰ দাবীও সন্নিবিষ্ট হৈছে। কৃষকে যি ধৰণে ৰাজধানী ঘেৰাও কৰি ৰাখিছে ইয়াৰ মাজতে গাঁৱেৰে চহৰ ঘেৰাওৰ সপোনে বাস্তৱতা পোৱাৰ সম্ভাৱনাও প্ৰকট হৈ আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। আজি সৰ্বাত্মক ভাৰতবন্ধই কৃষক ঐক্যক ঠন ধৰাই তোলাৰ লগে লগে শ্ৰমিক-কৃষক ঐক্য তথা সাম্প্ৰদায়িক ঐক্যকো অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। 

Leave A Reply