Breaking

প্ৰতিবাদী কৃষকৰ বাতৰি কাকত : প্ৰতিবাদস্থলীতে আৰম্ভ হল কিষান IT Cell

0 2,027

প্ৰচণ্ড শীতকো নেওঁচি বিগত প্ৰায় ২২টা দিন ধৰি ৰাজপথত নিজৰ পাপ্য অধিকাৰ বিচাৰি থিয় হৈ আছে কৃষক সকল । নিজৰ স্থিতিত তেওঁলোক অটল কৃষকসকল ।বিভিন্ন পক্ষৰ না না হেচাঁ আৰু প্ৰলোভনেও তেওঁলোকক মনাব পৰা নাই । তেওঁলোকৰ এটাই কথা, “যি দাবীৰে ওলাই আহিছো, সেই দাবী ৰজাঘৰে মানি নোলোৱা পৰ্যন্ত অন্য কথাৰ স্থান নাই।”

প্ৰথম দিনা যিটো উদ্যমেৰে আন্দোলন আৰম্ভ হৈছিল, আজিও সেই একেই উদ্যমেৰেই আন্দোলন অব্যাহত ৰাখিছে কৃষকসকলে। কুৰিগৰাকীৰো অধিক কৃষকৰ এই প্ৰতিবাদীস্থলীতেই মৃত্যু হৈছে। কিন্তু তথাপিও নিজ দাবীৰ পৰা পিছ হুহকি অহা নাই প্ৰতিবাদী কৃষকসকল।

কৃষক সকলৰ সুপৰিকল্পিত প্ৰতিবাদ তথা আন্দোলন মষিমূৰ কৰিবৰ বাবে এটা চক্ৰই উঠি পৰি লাগিছে। এই আন্দোলনটোক অপ্ৰচাৰৰ জৰিয়তে বিকৃত ৰূপ দিয়া চেষ্টা কৰা হৈছে বুলি অভিযোগ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ওপৰত উত্থাপন কৰিছিল কৃষক সকলে। বিভিন্ন অপ্ৰচাৰৰ বিৰুদ্ধে কৃষকসকলৰ মনত জ্বলি থকা এই ক্ষোভৰ উদগীৰণ ঘটিল শেহতীয়াকৈ। এইবাৰ প্ৰতিবাদ সম্পৰ্কত চলি থকা অপপ্ৰচাৰ ৰুধিবলৈ প্ৰতিবাদস্থলীতে কৃষকসকলে নিজাকৈ আৰম্ভ কৰিলে  ‘ট্ৰলী টাইমছ’ নামৰ এখন বাতৰি কাকত আৰু কিষান IT cell ৷

শুকুৰবাৰৰে পৰা কৃষকসকলে নিজাকৈ প্ৰকাশ কৰি উলিয়াইছে ট্ৰলী টাইমছ নামৰ এখন বাতৰি কাকত। এই বাতৰি কাকতখন প্ৰকাশ কৰা হৈছে হিন্দী আৰু পঞ্জাৱী ভাষাত। এই বাতৰি কাকতখনত থাকিব ৪টা পৃষ্ঠা। কৃষক বিভিন্ন সা-সমস্যাৰ লগতে দাবীসমূহ প্ৰকাশ কৰা হব এই বাতৰি কাকতখনত। ট্ৰলী টাইমছ নামৰ এই বাতৰি কাকতখন প্ৰকাশ কৰাৰ কথা প্ৰথমে চিন্তা কৰিছিল কৃষক আন্দোলনত ভাগ লোৱা কৃষক তথা লেখক সুৰমিত মাৱী নামৰ এগৰাকী ৪৬বছৰীয়া লোকে।

আনহাতে আই টি চেল কেনেকৈ চলিব, কোনবোৰ কথা কোন শ্ৰেণীৰ ৰাইজৰ মাজলৈ লৈ যাব, তাক লৈও পৰিকল্পনা কৰিছে কৃষকসকলে। তেওঁলোকে গঠন কৰি দিছে কেইবা তৰপীয়া সমিতি। বিভিন্ন দিশ, ভিন্ন বিষয়ৰ ওচৰত চকু ৰাখি ছচিয়েল মিডিয়াৰ জৰিয়তেই প্ৰত্যুত্তৰ দিবলৈ সাজু প্ৰতিবাদী কৃষকসকল।

Leave A Reply