Breaking

‘কৃষকসকলে নিজৰ মন মগজু ঠিক কৰি লৈহে খেতি কৰিব লাগে’,: ঘনশ্যাম দাস

0 81

আজি বাক্সা জিলাৰ বৰিমাখাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতাৰ অংশ হিচাপে কৃষক মেলা উদ্বোধন কৰি এই মন্তব্য কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। কৃষি বিজ্ঞান কেন্দ্ৰ, বাক্সাৰ উদ্যোগত অনুষ্ঠিত এই মেলাখন ফিটা কাটি উদ্বোধন কৰি তেখেতে কয় যে কৃষকসকলে মন মগজু ৰে কাম কৰিলেহে জীৱনত সাফল্য লাভ কৰিব পাৰে।

বছৰত কেবাটাও খেতি কৰি নিজকে স্বাৱলম্বী হোৱাৰ সম্ভাৱনা থাকে। প্ৰতিগৰাকী লোকে নিজকে স্বাৱলম্বী হবলৈ কাম কৰিব লাগিব। কৃষক সকলক উপকৃত কৰিবলৈ বিটিচি প্ৰশাসনে সহায় কৰি আহিছে। ভৱিষ্যতে আৰু সহায় – সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। ইয়াৰ পিছত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে কয় যে কৃষক সকলৰ উৎপাদিত সামগ্ৰীৰ মূল্য দুগুণ কৰাটোৱে কৃষি মেলাৰ মূল লক্ষ্য। কৃষকক সহায় – সহযোগ কৰাৰ বাবে চৰকাৰে সকলো সহায় কৰি আহিছে তাৰ বাবে কৃষকসকলেও আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে।

বাক্সা জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালীয়ে কয় যে বৰ্তমান সময়ত মূল্যবৃদ্ধিৰ বাবে কৃষিজীৱি জনতাই ঘৰতে উৎপাদন কৰিবলৈ আহ্বান জনায়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে কৃষি কৰ্মৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। বাক্সা কৃষি বিষয়া দুলাল দাসে কয় যে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে সকলো‌ সহায় কৰি থকা হৈছে। চৰকাৰৰ সকলো যোজনা প্ৰকৃত কৃষক সকলে গ্ৰহণ কৰিব পাৰে তাৰ বাবে জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। বাক্সা জিলা মীন বিয়য়া নীল দাসে কয় যে সম্প্ৰতি মৎস্য পালনৰ জড়িয়তে বহু লোকে উপকৃত হৈছে।

১ এপ্ৰিলৰ পৰা ৫ জুলাইলৈকে সকলো মাছে কণী পৰাৰ‌ সময় হোৱা হেতু মাছ ধৰাটো নিষেধ। গতিকে মাছৰ বংশবৃদ্ধি নহ’লে মাছ উৎপাদন নহয়। সেয়েহে সকলোকে মাছ ধৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰি মাছৰ বংশবৃদ্ধি কৰাত সহায় কৰিবলৈ আহ্বান জনায়। পশুপালন বিষয়া ডা০ বনজিত মেধীয়ে কয় যে পশুপালক সকলে কেচিচিৰ জড়িয়তে বেংকৰ পৰা ঋণৰ গ্ৰহণ কৰিব পাৰে। অৰ্দ্ধ শতাধিক কৃষকে উপস্থিত থকা এই সভাত কৃষি বিজ্ঞান কেন্দ্ৰ, বাক্সাৰ জ্যেষ্ঠ বিষয়া ড০ উৎপল জ্যোতি শৰ্মা, কৃষি বতৰ বিজ্ঞান বিশেষজ্ঞ গৰীয়সী তামুলী, সুনীল কুমাৰ ভট্টাচাৰ্য, দিংকু বৰা, দেৱজিৎ ডেকা, জ্যোতিস্মিতা বৰা আৰু কংকু ডেকা আদি উপস্থিত থাকে।

Leave A Reply