Breaking

কইনা নিবলৈ হেলিকপ্টাৰে আহিল কৃষকৰ পুত্ৰ!আচৰিত ওচৰ-চুবুৰীয়া…

0 84

টিকামগড়ৰ এজন ক্ষুদ্ৰ কৃষকৰ পুত্ৰই হেলিকপ্টাৰেৰে কইনা নিবলৈ এখন হোটেলত উপস্থিত হয়। সেই সময়ত তাত উপস্থিত থকা ৰাইজসকল আচৰিত হৈ পৰে। বহুতে নিজৰ বিবাহক স্মৰণীয় কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখা যায়, তেনে এক কাৰ্যসূচীয়ে হৈছে এয়া। দৰাই কইনাক নিবলৈ ভাড়াত লৈ আহিল এখন হেলিকপ্টাৰ।

মধ্যপ্ৰদেশৰ বুণ্ডেলখণ্ডৰ চন্দ্ৰপুৰা গাঁৱৰ বাসিন্দা সত্যভানৰ বিবাহৰ কথা ৰাজ্য লগতে ৰাজ্যৰ বাহিৰতো চৰ্চাৰ বিষয় হৈ পৰিছে। হেলিকপ্টাৰখন দেখি মানুহে ভাবিছিল হয়তো মন্ত্ৰী বা মুখ্যমন্ত্ৰী আহিছে, কিন্তু যেতিয়া মানুহে জানিব পাৰিলে যে তাত দৰাহে আহিছে তেতিয়া সকলোৱ আচৰিত হৈ পৰে।

এই সন্দৰ্ভত দৰা ৰাজা সত্যভানে কয় যে তেওঁ ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ কামৰ বাবে দিল্লীলৈ গৈছিল।দুবছৰ আগতে প্ৰথমবাৰৰ বাবে বিমানত বহি থাকোঁতে মই ভাবিছিলো যে মই হেলিকপ্টাৰেৰে কইনা আনিবলৈ যাম আৰু তেতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰি আজি বাস্তৱত পৰিণত হ’ল বুলি মন্তব্য কৰে।

Leave A Reply