Breaking

এই বেল্টডাল পৰিধান কৰিলে কোনোধৰণৰ স্কাৰ্ট বা মিনি স্কাৰ্ট নিপিন্ধিলেও হয়।ইয়াৰ মূল্য প্ৰায় ৭৫ হেজাৰ টকা।

0 63

ফেশ্যন শ্ব’সমূহৰ ৰেম্পত সাধাৰণতে বিলাসবহুল সাজ পোছাক আৰু পণ্যসমূহৰ সমাহাৰ দেখা যায়। কেটৱাক কৰি অহা ফেশ্বন মডেলসকলে এইসমূহ প্ৰদৰ্শন কৰে।

শেহতীয়াকৈ সামাজিক মাধ্যমত এখন ছৱি ভাইৰেল হৈ পৰিছে। তাত দেখা পোৱা গৈছে এগৰাকী ফেশ্বন মডেলে শৰীৰৰ উপৰিভাগত ক’লা ৰঙাৰ চামৰাৰ জেকেট পিন্ধিছে। কিন্তু শৰীৰৰ নিম্নাংশত মাত্ৰ এডাল চামৰাৰ বেল্ট পৰিধান কৰিছে। কোনোধৰণৰ স্কাৰ্ট পিন্ধা নাই তেওঁ।

মডেলগৰাকীৰ ছৱিখন ভাইৰেল হৈ পৰাৰ পাছতে ফেশ্বন অনুৰাগীৰ মাজত কৌতূহলৰ উদ্ৰেক ঘটিছে। জানিব পৰামতে, বিলাসী পণ্যৰ ব্ৰেণ্ড ‘ডিজেল’-এ এইবছৰৰ শীতকালীন ফেশ্বনৰ বাবে বিভিন্ন সামগ্ৰী উপলব্ধ কৰিছে। তাৰ মাজতে এই চামৰাৰ বেল্টডালো আছে।

বেল্টডাল পৰিধান কৰিলে কোনোধৰণৰ স্কাৰ্ট বা মিনি স্কাৰ্ট নিপিন্ধিলেও হয়। অতি ব্যয়বহল এই বেল্টডালৰ দামো চকু কঁপালত উঠা ধৰণৰ। ইয়াৰ মূল্য ভাৰতীয় হিচাপত প্ৰায় ৭৫ হেজাৰ টকা।

ফেশ্বন জগতৰ এই নতুন উদ্ভাৱনে এতিয়া ফেশ্বন অনুৰাগীসকলৰ মাজত তীব্ৰ আমোদৰ সৃষ্টি কৰিছে। সঁচাকৈয়ে মিনি স্কাৰ্টৰ বিকল্প এই বেল্টডালেই নেকি?

Leave A Reply