Breaking

কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা

0 2,245

আজি পুৱতি নিশা কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াভোমোৰা দলঙৰ পৰা সৰি পৰে এখন বাহন। ৰেলিং ভাগি ব্ৰহ্মপুত্ৰৰ বুকুত পৰা বাহনখন পৰৱৰ্তী সময়ত ট্ৰাক বুলি থাৱৰ কৰা হয় যদিও বাহনখনত কিমানজন আৰোহী আছিল বাতৰি লিখাৰ সময়লৈকে জ্ঞাত হোৱা নাই। ব্ৰহ্মপুত্ৰৰ বুকুত ৰাজ‍্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব‍্যৱস্থাপনা উদ্ধাৰ বাহিনীয়ে যুটীয়াভাবে বাহিনীৰ উদ্ধাৰ অভিযান অব‍্যাহত ৰাখিছে। লগতে কলিয়াভোমোৰা দ্বিতীয়খন দলং নিৰ্মাণ প্ৰতিষ্ঠানৰ এটা কাৰিকৰী গোটে উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে। শেহতীয়াকৈ ট্ৰাকখনৰ কোনো শুং-সূত্ৰ পাইছে যদিও কোনো আৰোহীকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰীয়ে। গেমন ইণ্ডিয়াৰ দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ সংস্থাটোৰ এক সূত্ৰই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জনাইছে। পুৱা আৰক্ষীৰ এক তহলদাৰী গোটে দলঙৰ ভঙা ৰেলিং দেখি এই বিষয়ে অনুসন্ধান কৰোতে বিষয়টো পোহৰলৈ আহে। উল্লেখ‍্য যে, আজি পুৱতি নিশা কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াভোমোৰা দলঙৰ পৰা সৰি পৰে এখন বাহন।পূৰ্বতেও  দলংখনত চাপৰ ৰেলিঙৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছি যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া দেখা নগ’ল তদুপৰি, নিশা দলঙৰ বিজুলী বাতি আজি বহু বছৰৰ পৰাই বিকল হৈ থকাত যাতায়ত -সংকুল হৈ পৰিছে। বাহনখন উদ্ধাৰৰ পাছতহে প্ৰকৃত তথ‍্য উদ্ধাৰ হ’ব।

Leave A Reply