Breaking

বৰপেটাৰ বহৰি-কাছুমাৰা ঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা

0 3,523

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ফেৰী দূৰ্ঘটনা। জানিব পৰা মতে বৰপেটা জিলাৰ বহৰি ঘাটৰ পৰা এখন ইঞ্জিনচালিত নাও কাছুমাৰা অভিমুখে আহি থকা অৱস্থাত মহাবাহু ব্ৰহ্মপুত্ৰৰৰ বুকুত দূৰ্ঘটনাত পতিত হয়। দূৰ্ঘটনাগ্ৰস্থ নৌকাটিত বহৰিৰ পৰা প্ৰায় ৩০ জন যাত্ৰীসহ অংগনবাড়ী কেন্দ্ৰৰ বৃহৎ পৰিমাণৰ সামগ্ৰী কাছুমাৰা লৈ আহোতেই সংঘটিত হয় এই দূৰ্ঘটনাটো ।

বহৰি ঘাটৰ পৰা কাছুমাৰা লৈ আহি থকা অৱস্থাত হঠাৎ চন্দনপুৰত নাওখন নিয়ন্ত্ৰণ হেৰুৱাই ডুব যায় । দূৰ্ঘটনাত ৮ খন অংগনবাড়ী কেন্দ্ৰৰ চাউল, মটৰমাহ আদি সামগ্ৰী সমূহৰ বিস্তৰ ক্ষতিসাধন হয় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে যাত্ৰী সকলৰ। জানিব পৰা মতে নাওখন হঠাৎ ডুব যোৱাত যাত্ৰী সকল চিঞৰ বাখৰ কৰাত ওচৰত থকা মাছমৰীয়া সকলে অইন এখন নাও আনি কোনোমতে যাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কাছুমাৰা-বহৰি সংযোগী ব্ৰহ্মপুত্ৰৰৰ বুকুত ফেৰী দূৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয়। স্থানীয় লোকে তৎপৰতাৰে আন এখন যন্ত্ৰচালিত নাও লৈ উদ্ধাৰ অভিযানত সহযোগ কৰে। নাওখনত থকা অংগনবাড়ী কেন্দ্ৰৰ বৃহৎ পৰিমাণৰ সামগ্ৰী নষ্ট হয়। স্থানীয় লোকে জনোৱা মতে প্ৰায়েই ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈ আহিছে এনে নাও দুৰ্ঘটনা । বৰপেটা জিলাৰ দক্ষিণপাৰৰ চেঙা আৰু বাঘবৰ সমষ্টিৰ প্ৰায় দুই লক্ষাধিক লোক বিভিন্ন কামৰ বাবে দৈনিক বৰপেটাকে ধৰি উত্তৰপাৰৰ অফিচ আদালতলৈ যাব লগীয়া হয়। এই সকল সকল লোকে দৈনিক যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ বৰপেটালৈ যাব লগীয়া হয়।

বিকল্প ব্যৱস্থা নথকাৰ বাবে নাৱেৰে চলাচল কৰিব লগীয়া হোৱাত বহু সময়ত অনাকাংক্ষিত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। দক্ষিণ বৰপেটাৰ চৰাঞ্চল-দংৰা অথবা বহৰি ঘাট সংযোগ কৰি এখন পকী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছে যদিও আজিকোপতি ৰাইজৰ দাবী বাস্তৱত পৰিণত নহল। চৰকাৰী অৱহেলাৰ বাবেই ভয়ংকৰ বিপদৰ শংকাত ভুগিছে অঞ্চলবাসীয়ে। সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ কৰি এনে ঘটনাৰ যাতে পুনাৰাবৃত্তি নহয় তাৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছে।

Leave A Reply