Breaking

নামখলা সমীপৰ গোমঠাপাৰা শিলিখাজানীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ

0 185

দুৰ্ঘটনাটিত দুজন বাইক আৰোহী থিতাতে নিহত ,আনএজন গুৰুতৰভাবে আহত হয় ৷


গোমঠাপাৰাৰ শিলিখাজানিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷
দুৰ্ঘটনাৰ লগে লগে তিনিওজন যুবককে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও ইতিপূৰ্বে দুজন নিহত হয় ৷


নিহত দুজনৰ এজন মৃদুল দাস আৰু আনজন মৃনাল ডেকা বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আহত প্ৰশান্ত হাজৰিকাক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা নাৰায়না হাস্পতালত ভৰ্তি কৰাৰ মুহূৰ্তত মৃত্যু হয় ৷

উল্লেখযোগ্য যে তিনিওজন যুৱক AS 01DW5679 নম্বৰৰ পালচাৰ বাইকেৰে তীব্ৰ বেগত আহি বৈদ্যুতিক খুঁটাত খুন্দিওৱাৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ৷ আনহাতে দুৰ্ঘটনাটি এনে ভয়ানক আছিল যে বৈদ্যুতিক খুটাটি দুই টুকুৰা হৈছিল ৷

পৰা দ্বীপেন ডেকাৰ

Leave A Reply