Breaking

চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

0 1,787

চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী ট্ৰাকে মহতিয়ালে বাইকসহ দুই আৰহীক আহত বাইক আৰহী দুজন ।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত পাখিৰিতল বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে একে দিশৰ পৰা অহা এখন AS-17-B-3583 নম্বৰৰ এখন মালবাহী ট্ৰাকে মহতিয়ালে AS-15-P-0102 নম্বৰৰ এখন পালচাৰ বাইকক।ফলত বাইক আৰহী দুজন গুৰুতৰ ভাবে আহত হয়।পিছত আহত আৰহী দুজনক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


আহতলোক দুজন ক্ৰমে ধিৰেচ্চৰ তাৰংগাপুৰ গাওঁ পঞ্চায়তৰ বাসিন্দা আলী হুছেইন আৰু কালাম পৰমানিক বুলি জানিব পৰা গৈছে।
ঘটনাস্থলিত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্থ ট্ৰাক আৰু বাইকখনক জব্দ কৰি থানালৈ লৈ যায়।

Leave A Reply