বঙাইগাঁও জিলাৰ যােগীঘােপা থানাৰ অন্তৰ্গত কাবাইটাৰীত কালি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ পিতা – পুত্ৰক আটক কৰে । আটকাধীন দুয়াে ক্রমে কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলাম আৰু তেওঁৰ পুত্র ইনামুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসৰ নেতৃত্বত যােগীঘােপা আৰক্ষীৰ এটা দলে গােপন খবৰৰ পম খেদি কালি কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলামৰ নিজা বাসগৃহ আৰু গেলামালৰ দোকানত অভিযান চলায় । যোগীঘোপা আৰক্ষীৰ দলটোৱে চলোৱা জোৰদাৰ অভিযানত বাসগৃহ আৰু দোকান খনত তন্ন তন্নকৈ তালাচী চলাই নিষিদ্ধ ঘােষিত ৭৪ বটল কাহৰ ঔষধ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত জড়িত থকা ৰেজাউল ইছলাম আৰু পুত্র ইনামুল ইছলামক আটক কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত ১৯৮/২০২১ নম্বৰত এটা গােচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । ইপিনে যোগীঘোপা আৰক্ষীৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে লোৱা এই অভিযানক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে লগতে অঞ্চলটিক এই বৰবিহৰ পৰা মুক্ত কৰিবলৈ কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ লাই খুটা স্থাপন
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই…
- বাটলাৰৰ শতকটো নিশ্চিতভাৱে মই দেখা শীৰ্ষ পাঁচটা শ্ৰেষ্ঠ ইনিংছৰ অন্যতম ! মেচৰ অন্তত ক’লে ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলে…
- কণ্ঠশিল্পী তনময় শইকীয়াৰ পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…
- নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী পদযাত্ৰা ! সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ…
- মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’ ! নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰীৰ…
- চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ ! মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত…
- ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল ! ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে বিহু সম্ৰাজ্ঞীৰ খিতাপ…
- KKRৰ বিৰুদ্ধে অবিশ্বাস্য জয় RR ৰ ! বাটলাৰক অভিনন্দন জনালে শ্বাহৰুখ খানেও…
- প্ৰৱল ধুমুহা বৰষুণৰ কাল ৰূপ মাৰ্ঘেৰিটাত…