Breaking

কন্যাৰ মৃতদেহ কান্ধত তুলি পদব্ৰজে আগবাঢ়িছে পিতৃ

0 100

এক হৃদয় বিদাৰক ঘটনা।চকুত চকুপানী, কান্ধত কন্যাৰ নিষ্প্ৰাণ দেহ।এনেদৰে কন্যাৰ মৃতদেহ কান্ধত তুলি পদব্ৰজে আগবাঢ়িছে তেওঁ।এই দৃশ্য চাই হয়তো চকু সেমেকি উঠিব আপোনাৰো।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ছত্ৰিশগড়ৰ সুৰগুজা জিলাত।ঈশ্বৰ দাস নামৰ এই গৰাকী ব্যক্তিয়ে তেওঁৰ ৭ বছৰীয়া কন্যা কিছুদিনৰ পৰা জ্বৰত ভূগি থকাৰ বাবে শুকুৰবাৰে পুৱতি নিশা লক্ষণপুৰস্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যায় কিন্তু চিকিৎসা চলি থকাৰ সময়তে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত প্ৰায় ৭.৩০ মিনিটত মৃত্যু হয় কন্যা গৰাকীৰ।তাৰ পিছতেই কন্যাৰ মৃতদেহ ঘৰত নিবলৈ কোনো বাহন নাপায় এনেদৰেই কান্ধত তুলি ১০ কিঃমিঃ দূৰত্বৰ ঘৰলৈ ৰাওনা হয় ঈশ্বৰ দাসে।

বৰ্তমান এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উল্লেখযোগ্য যে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সেই সময়ত চিকিৎসালয়খনত মৃতদেহ কঢ়িওৱা কোনো বাহন নাছিল আৰু হস্পিটেল কৰ্তৃপক্ষই প্ৰায় ৯.৩০ বজাত বাহন আহি পাব বুলি পৰিয়ালৰ লোকক জনাইছিল। কিন্তু কন্যাৰ আকস্মিক মৃত্যুৰ শোঁক সহিব নোৱাৰি বাহনলৈ অপেক্ষা নকৰি কন্যাৰ মৃতদেহ এনেদৰেই কান্ধত তুলি ঘৰলৈ ৰাওনা হয় ঈশ্বৰ দাসে। ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই ছত্ৰিশগড়ৰ স্বাস্থ্য মন্ত্ৰী T.S Singh Deo য়ে এক তদন্তৰ নিৰ্দেশ দিয়ে।

Leave A Reply