Breaking

ৰঙিয়াৰ বালাগাঁৱত ড্ৰাগছ সহ পিতা পুত্ৰক আটক ! নগদ ধন জব্দ…

0 65

ৰঙিয়াৰ বালাগাওঁত ড্ৰাগছ সহ পিতা পুত্ৰক আটক ।

ৰঙিয়াত ড্ৰাগছ সহ নগদ ধন জব্দ । আৰক্ষীৰ জালত পিতা পুত্ৰ । শুক্ৰবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৷ ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে দুটা চাবোনৰ বাকচসহ ২২.৩৯ গ্ৰাম হেৰ’ইন ৷ ড্ৰাগছৰ ব্যৱসায়ত জড়িত পিতা-পুত্ৰক গ্ৰেপ্তাৰ ৰঙিয়া আৰক্ষীৰ ৷

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ৰঙিয়াৰ বালাগাঁৱৰ ইছাহক আলী আৰু আছলাম হুছেইন ৷ ধৃত পিতা পুত্ৰৰ আৰক্ষীৰ আগত স্বীকাৰোক্তি ড্ৰাগছৰ ব্যৱসায় চলাবলৈ স্থানীয় জেহেৰুল আলীয়ে বিত্তীয় সাহায্য আগবঢ়াই আহিছে ।

লগে লগে আৰক্ষীয়ে জেহেৰুল আলীৰ ঘৰত অভিযান চলায় । আৰক্ষীৰ উমান পাই পলায়ন কৰে জেহেৰুল আলী । কিন্তু আৰক্ষীয়ে জেহেৰুল আলীৰ গৃহৰ পৰা ৩ লাখ, ৬৫ হাজাৰ, ৫ শ টকা জব্দ কৰে । আৰক্ষীয়ে ইতিমধ্যে জেহেৰুল আলীৰ সন্ধানত নামি পৰিছে ।

Leave A Reply