Breaking

৩১ বছৰৰ অন্তত পিতৃ-পুত্ৰ-কন্যাৰ মহামিলন! পিতৃক কাষত পাই আৱেগিক পুত্ৰ-কন্যা…

0 21

শোনিতপুৰ জিলাৰ ছিৰাজুলিৰ জীৱন কুমাৰ ছাহা৷১৯৯৩চনতে বিধিৰ বিপাকত বজ্ৰপাত পৰি মৃত্যু হৈছিল জীৱনৰ পত্নীৰ৷পত্নীৰ মৃত্যু হোৱাৰ বছৰতেই ঘৰৰ পৰা এদিন পাঁচটি পুত্ৰ-কন্যাক এমুঠি আহাৰ যোগাৰ কৰিবৰ বাবে ব্যৱসায় কৰিবলৈ ওলাই গৈছিল জীৱন কুমাৰ ছাহা৷ ঘৰত পুত্ৰক কৈ গৈছিল ব্যৱসায়ৰ পৰা উভতি আহোতে কেইদিনমান দেৰি হোৱাৰ কথা৷ চৰাচৰ ব্যৱসায়লৈ গ’লে দুই তিনিদিনলৈ দেউতাক অহা নাছিল ঘৰলৈ৷ কিন্তু বহু মাহৰ পিছতো দেউতাক ঘৰলৈ উভতি নহাত মাতৃহাৰ কনমানী কেইটাই পৰিয়ালৰ লোকৰৰ মাজত দেউতাকৰ সন্ধান কৰিছিল যদিও দেইতাকক নাপালে৷

বিশ্বাস কৰছিল দেউতাক এদিন উভতি আহিব৷ হঠাৎ যেন বিধাতাই কথাবোৰ শুনিলে৷ৰাজস্থানৰ ভৰত পুৰৰ আপোনঘৰ আশ্ৰমৰ পৰা দলগাঁও আৰক্ষী চকিলৈ এগৰাকী লোকৰ সবিশেষ বিচাৰি আহিল ফোন কল৷ আৰক্ষী বিষয়া গৰাকীয়েও তৎকালেই গাঁওৰক্ষী বাহিনীৰ জৰিয়তে আৰম্ভ কৰিলে মানুহ গৰাকীৰ পৰিচয় বিছৰাৰ কাম৷গাঁওৰক্ষী বাহিনীত আছিল জীৱন কুমাৰ ছাহাৰ পৰিয়ালৰ লোকো৷ পৰিয়ালৰ লোকে জীৱনক চিনি পাই যোগাযোগ কৰিলে জীৱনৰ পুত্ৰৰ সৈতে৷ অৱশেষত দলগাঁও আৰক্ষী চকিৰ সহযোগত ৰাজস্থানৰ ভৰতপুৰৰ আপোন ঘৰ আশ্ৰমত সুদীৰ্ঘ ৩১বছৰৰ অন্তত মিলন হ’ল পিতা-পুত্ৰ-কন্যাৰ৷


পৰিয়ালৰ লোকে এতিয়া জানিব পৰা মতে ১৯৯৩চনতেই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত জীৱনে বহুবছৰ বৃন্দাবনত আছিল, বহুবছৰ বৃন্দাবনত থকাৰ পিছত বৃন্দাবনত সংগঠিত হৈছিল এক দুৰ্ঘটনা৷ পথৰ কাষত পৰি থকা অৱস্থাৰ পৰা হৃদয়বান লোকে আৰক্ষীৰ সহায়ত ভৰতপুৰৰ আপোন ঘৰ আশ্ৰমত থৈছিল জীৱনক৷ আপোনা ঘৰ আশ্ৰমৰ সহৃদয়তাৰ বাবেই ৩১বছৰৰ অন্তত মিলন হ’ল পিতা-পুত্ৰ-কন্যাৰ৷৩১বছৰৰ পিছত পিতাকক নিজ ঘৰত পাই আৱেগিক পুত্ৰ-কন্যা, ওচৰ চুবুৰীয়া সকলো৷

Leave A Reply