Breaking

জাক জাক বগলীৰ কাকলিৰে মূখৰিত জামুগুৰিহাট : জনবসতি পূৰ্ণ এলেকাত নিৰ্ভয়ে নিঃসংকোচে বিচৰণ

0 39

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এতিয়া জাক জাক বগলীৰ কোলাহলৰ মূখৰিত হৈ থকা এক মনোমোহা দৃশ্য। যিটো সময়ত ক’ৰণা মহামাৰীক দোহাই দি দৰং জিলাৰ টংলাৰ পৌৰ সভাই শ শ বগলী নিধন যজ্ঞ পাতিলে সেই সময়তে জামুগুৰিহাটৰ জনবসতি এলেকাত ৰাইজৰ নিৰাপত্তাৰ মাজতে সুদীৰ্ঘ বিশ পচিশ বছৰ ধৰি নিৰ্ভয়-নিঃসংকুচে বসবাস কৰি আহিছে হাজাৰ হাজাৰ বগলী। জামুগুৰিহাটৰ ব্যৱসায়ী কেন্দ্ৰ্স্থলৰ মাজমজিয়াত অৱস্থিত বাপুজী ভৱনৰ পিছফালে তিনি জোপাকৈ বাঁহ গছত বছৰ বছৰ ধৰি বাস কৰি আহিছে এই সমুহ বগলীয়ে। দুপৰীয়াৰ ভাগত বগলী জাকে কিছু আতৰি গলেও ৰাতিপুৱা আৰু সন্দ্ধিয়াৰ ভাগত এই সমুহ বগলীৰ কাকলিৰে মূখৰিত হৈ পৰে জামুগুৰিৰ কেন্দ্ৰ্স্থল। সেউজীয়া বাঁহ গছত আপোন মনেৰে বহলকৈ ডেউকা মেলি নিৰ্ভয়ে বিচৰণ কৰা দৃষ্টিনন্দন শোভাই সকলোকে আকৰ্ষিত কৰি আহিছে। অৱশ্যে বগলীৰ পৃষ্ঠাৰ দূৰ্গন্দ্ধই মাজে মাজে অঞ্চলবাসী ৰাইজক কিছু আমনি দিয়ে যদিও প্ৰকৃতিৰ অনবদ্য উপহাৰ চৰাইবিধক সংৰক্ষণৰ স্বাৰ্থতেই আজিও বগলীবোৰৰ আবাসস্থলীৰ ক্ষতি কৰা নাই অঞ্চলবাসীয়ে। জামুগুৰি ব্যৱসায়ী কেন্দ্ৰৰ দৰে ঘন জনবসতি পূৰ্ণ এলেকাত এই দৰে হাজাৰ হাজাৰ বগলীয়ে নিৰ্ভয়ে বসবাস কৰি থকাটো প্ৰকৃতি প্ৰেমী ৰাইজৰ নিশ্চয়কৈ এক সুখৱৰ হিচাপে বিবেচিত হৈছে।

Leave A Reply