Breaking

চামগুৰিৰ গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়ত সম্বৰ্ধনা সভা…

0 54

 নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ এজন অৱসৰ প্ৰাপ্ত সহ শিক্ষকক আজি স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ তৰফৰ পৰা বিদায়ী সম্বৰ্ধনা জনোৱা হয় ৷ গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি মিলন দাসগুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সভা তথা সম্বৰ্ধনা সভাখনত বিদ্যালয় খনৰ অৱসৰ প্ৰাপ্ত সহ শিক্ষক ধীৰেন কলিতাক স্থানীয় ৰাইজ আৰু গটঙা অঞ্চলৰ দুটা মছজিদৰ লগতে বিদ্যালয় খনৰ তৰফৰ পৰা চেলেং গামোছা জাপি শৰাই আদিৰে বিপুল ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত অনুষ্ঠানতে গটঙা বাঙালী প্ৰাথমিক বিদ্যালয়কে ধৰি  বহুকেইখন বিদ্যালয়ৰ তৰফৰ পৰা গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক ধীৰেন কলিতাক গামোছা আদিৰে সম্বৰ্ধনা জনাই ৷ ১৯৮৭ চনতে  গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয় খনত চাকৰি জীৱন আৰম্ভ কৰা ধীৰেন কলিতাই পৰৱৰ্তী সময়ত সমল ব্যক্তি হিচাপে বৰবাৰী অঞ্চলৰ বিদ্যালয়ত যোগদান কৰে যদিও ২০১৪ চনত গটঙা অঞ্চলৰ ৰাইজে শিক্ষা বিভাগৰ ওচৰত দাবী জনাই ধীৰেন কলিতাক পুনৰ গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰি আনিছিল ৷

উল্লেখ্য যে শিক্ষক ধীৰেন কলিতাই উক্ত বিদ্যালয় খনৰ জৰিয়তে   অঞ্চলটোলৈ এক শৈক্ষিক পৰিৱেশ অনাৰ লগতে স্থানীয় সমাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰিছিল বুলি আজি উক্ত সম্বৰ্ধনা সভাখনত বহুকেইজন লোক উপস্থিত থাকি ভাষন প্ৰসংগত উল্লেখ কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ চলিত বৰ্ষৰ তথা ৩১ জানুৱাৰীৰ ২০২২ বৰ্ষত অবসৰ গ্ৰহন কৰা শিক্ষক ধীৰেণ কলিতাক আজি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে উক্ত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ লগতে বৰ্তমানৰ ছাত্ৰছাত্ৰী সকলৰ অভিভাৱক আৰু স্থানীয় বহুকেইজন লোকে সম্বৰ্ধনা জনাই ৷গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেব চাংমাইয়ে আতঁধৰা সম্বৰ্ধনা সভাখনত গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হাৰুন ৰছিদ, প্ৰসেনজিৎ দাসগুপ্তা, সৰস্বতী বনিক, তাইজুল ইছলাম, সুধাংশু দাস, সুশান্ত দাসগুপ্তাকে ধৰি বহুকেইজন লোক উপস্থিতি থাকে ৷ উক্ত সভাখনত ছাত্ৰী ৰেছমা বেগমে গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আকৰ্ষণ কৰে ৷

Leave A Reply